গোৱালপাৰা

৬ অক্টোবৰ

এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল সন্মুখতে জলেশ্বৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক সাহাবুদ্দিন আহমেদক পহু খেদা দিলে ৰাইজে। জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত টাকিমাৰীত বিগত তিনি মাহৰো অধিক সময় বানপানীৰ লগত বসবাস কৰা বানাক্ৰান্ত ৰাইজৰ ক্ষোভৰ বহিপ্ৰকাশ৷

বানপানীৰ সময়ত বানাক্ৰান্ত সমষ্টিবাসীৰ খবৰ ল’বলৈ সময় নহ’ল জলেশ্বৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক ছাহাবুদ্দিন আহমেদৰ৷ সমাগত ২০২১ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰক আকৰ্ষণ কৰিবলৈ দলৰ প্ৰধান বদৰুদ্দিন আজমলৰ লগত সমষ্টিত পদাৰ্পন কৰি বিপদত পৰিলে জলেশ্বৰৰ বিধায়ক ছাহাবুদ্দিন আহমেদ। বানপানীৰ সময়ত বাঢ়নী পানীৰ মাজত ককবকাই থকা সমষ্টিবাসীৰ খবৰ নোলোৱা বিধায়ক ছাহাবুদ্দিন আহমেদক কিন্তু ক্ষমা নকৰিলে সমষ্টিবাসীয়ে। দলৰ প্ৰদনা বদৰুদ্দিন আজমলৰ সন্মুখতে ৰাইজে উজাৰিলে ক্ষোভ। বিধায়ক সাহাবুদ্দিন আহমেদ গ বেক ধ্বনিৰে জলেশ্বৰৰ টাকিমাৰীত ঘৰিয়ালৰ চকুপানী টুকিবলৈ অহা বিধায়ক গৰাকী জনতাৰ ক্ষোভত পৰি পলায়ন কৰিবলৈ বাধ্য হ’ল।

ইফালে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ সন্মুখত ৰাইজে তেওঁৰ বিধায়ক সাহাবুদ্দিন আহমেদৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিধায়ক গৰাকীৰ বিগত ৫ বছৰে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদনা নকৰাৰ অভিযোগ উত্থাপন কৰে।