গুৱাহাটী

৭ অক্টোবৰ

৬৬ তম বন্যপ্ৰাণী সপ্তাহ, ২০২০ উপলক্ষে গুৱাহাটীত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। বন্যপ্ৰাণীৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে বন বিভাগৰ বিষয়া আৰু কৰ্মীসকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰে মুখ্যমন্ত্ৰীয়ে।

অনুষ্ঠানত গঁড় তথা অন্যান্য বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত দেশৰ বিভিন্ন প্ৰান্তত সজাগতা গঢ়ি তোলা কিশোৰ সুহান মল্লিকক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষভাৱে সম্বৰ্ধনা জনায়। তদুপৰি, বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বিদ্যালয় পৰ্যায়ত আয়োজিত বিভিন্ন অনলাইন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলকো মুখ্যমন্ত্ৰী গৰাকীয়ে বঁটা প্ৰদান কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।হাড়গিলা আৰ্মী গঠনেৰে দুষ্প্ৰাপ্য পক্ষীবিধৰ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহা গ্ৰীণ অ’স্কাৰ বিজয়ী শ্ৰীমতী পূৰ্ণিমা দেৱী বৰ্মনকো মুখ্যমন্ত্ৰীয়ে ৬৬ তম বন্যপ্ৰাণী সপ্তাহ, ২০২০ উপলক্ষে গুৱাহাটীত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠানত সম্বৰ্ধনা জনায়। অনুষ্ঠানত বিশিষ্ট পৰিৱেশবিদ শ্ৰী পৰিমল চন্দ্ৰ ভট্টাচাৰ্যক মুখ্যমন্ত্ৰীয়ে ‘জীৱনজোৰা সাধনা বঁটা’ৰে সন্মানিত কৰে। বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত সৌৰ চাকি আৰু স্মাৰ্টফ’ন বিতৰণ কৰা হৈছে। ৰাজ্যৰ সংৰক্ষিত বনাঞ্চলসমূহৰ কেম্পতো সৌৰ চাকি আৰু স্মাৰ্টফ’ন প্ৰদান কৰা হ’ব। আগন্তুক দিনত ৰাইজৰ সহযোগত অসমৰ ২,০০০ বৰ্গ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি কৰাৰ আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ বুলি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। তদুপৰি, ব’ৰাইল সংৰক্ষিত বনাঞ্চলক অধিক শক্তিশালী কৰাৰ বাবে তাত এটা ফৰেষ্ট ডিভিছন স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে।

অনুষ্ঠানত অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, সঞ্জয় কিষাণ, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, বিধায়িকা আঙুৰলতা ডেকা, উচ্চপদস্থ বিষয়াবৰ্গ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।