ববৰপেটাৰ পৰা চাইজুৰ ৰহমান, সংবাদ ৩৬৫, ২৭ ছেপ্টেম্বৰ: ববৰপেটাৰ মিলনজ্যোতি এম ই মাদ্ৰাছা(ভুলুকাবাৰী)ৰ প্ৰেক্ষাগৃহত পবিত্ৰ মহৰম উপলক্ষে বুধবাৰে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ ওপৰত পৰ্যালোচনাৰ উদ্দেশ্যে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ সৈতে এক ত্ৰিপাক্ষিক আলোচনা-চক্ৰ অনুষ্ঠিত হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক আলহাজ আব্দুৰ ৰহিমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত মধুৰ সম্পৰ্কই শৈক্ষিক পৰিৱেশ উন্নত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে বুলি আলোচনা চক্ৰখনত অংশগ্ৰহণকাৰী সকলে মতপোষণ কৰে। আলোচনা চক্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক আলহাজ আব্দল বাৰেক হাফিজ ক্বাৰী মুফতি জাহিদুল ইছলাম,ভুলুকাবাৰী জামে মছজিদৰ ইমাম মৌলানা জহুৰুল ইছলাম, আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মনিৰুজ জামান, বিশিষ্ট অভিনেতা দেলুৱাৰ হুছেইন,যুব নেতা ইব্ৰাহিম শিকদাৰ, শ্বফিকুল ইছলাম,আব্দুছ ছামাদ, শ্বফিকুল ইছলাম শিকদাৰ, মিলন জ্যোতি এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক মোকাদ্দেছ আলী আহমেদ, হিন্দী শিক্ষক তথা প্ৰাক্তন ছাত্ৰ নেতা মফিদূল ইছলাম আদিৰ ওপৰিও বহুতো গণ্যমান্য ব্যাক্তি উপস্থিত থাকি তথ্য সাৰুৱা বক্তব্য প্ৰদান কৰে।