বাঘবৰ, সংবাদ ৩৬৫, ৩ অক্টোবৰ: বৰপেটা জিলাৰ বাঘবৰ স্থাপিত বাঘবৰ প্ৰেছ ক্লাৱৰ বুধবাৰে তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । শতাধিক লোকৰ উপস্থিতিত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে সফল সামৰণি পৰে প্ৰতিষ্ঠা দিৱসৰ। বৃহত্তৰ বাঘবৰ এলেকাৰ বিশিষ্ট ব্যক্তি আলহাজ ইউছুৱ আলীৰ সভাপতিত্বত কৰা সভাত অতিথি হিচাপে উপস্থিত থাকে বাঘবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুভাষ চন্দ্ৰ দলে , মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ দাস , চি আই এছ এফ ইন্সপেক্টৰ তীৰ্থ কুমাৰ আদি কৰি বহু বিশিষ্ট গন্য মান্য ব্যক্তি উপস্থিত থাকে । ২০১৫ চনৰ ৩ অক্টোবৰ তাৰিখে স্থাপিত হোৱা প্ৰেছ ক্লাৱটোৰ সদস্য সকলে জন্মলগ্নৰ পৰাই বৃহত্তৰ বাঘবৰ এলেকাৰ জলন্ত সমস্যা উপৰিও সমাজ উন্নয়নাৰ্থে সংবাদ পৰিবেশন কৰি আহিছে। অনাগত দিনবোৰতো একেদৰে সুস্থ সমাজ গঠনৰ বাতৰি প্ৰকাশ কৰাৰ আহব্বান জনায় বিশিষ্ট ব্যক্তি আলহাজ ইউছুৱ আলীয়ে। একেদৰে বাঘবৰ অঞ্চলৰ উন্নয়নৰ ক্ষেত্রত বাতৰি প্ৰকাশ কৰাৰ আহব্বান জনায় বাঘবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে ।