কলগাছিয়া, সংবাদ ৩৬৫, ২ অক্টোবৰ: বিকশিত অসমৰ এক দুখ লগা দৃশ্য। মঙ্গলবাৰে ৰাতিপুৱাৰ ভাগত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰূপাকুছি-কান্দাপাৰা সংযোগী কাঠৰ দলংখন চাওঁলখোৱা নৈৰ বাঢ়নী পানীৰ সোঁতত উটি যায়। উক্ত দলংখন নৈৰ বাঢ়নী পানীত উটি যোৱাৰ ফলত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগীয়া হৈছে। চাওঁলখোৱা নৈখনৰ বাঢ়নী পানীৰ সোঁতত মেটকা আহি দলংখনৰ খুটিত লাগি ধৰাত মঙ্গলবাৰে ৰাতিপুৱা প্ৰায় ৮ বজাত দলংখনৰ মাজভাগ ভাঙি নৈৰ সোঁতত উটি যায়। বিগত এবছৰ পূৰ্বে দলংখন মেৰামতি কৰা হৈছিল যদিও দলংখনত ঠিকাদাৰে নিম্নমানৰ কাঠ ব্যৱহাৰ কৰাৰ অভিযোগ ৰাইজৰ। দলংখনৰ এনে ভয়াবহতাৰ কথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত স্থানীয় ৰাইজে বাৰ বাৰ অৱগত কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে মঙ্গলবাৰে উক্ত দলংখন নৈৰ সোঁতত উটি যায়। অনতি পলমে নতুন দলং নিৰ্মান কৰি যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে দাবী জনাইছে জনীয়াৰ স্থানীয় ৰাইজে।