সোণতলী, সংবাদ ৩৬৫, ৬ অক্টোবৰ: পৰিৱৰ্তনৰ শ্লোগান গাই ফুৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰত বিজেপি চৰকাৰ গঠন কৰি গাদী দখল কৰি উন্নয়নৰ ফোঁপোলা স্বৰূপ দেখুৱা চৰকাৰখনে পৰিবৰ্তনৰ নামত অসফল কৰি দেখুৱালে। পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ পাছত বিজেপি চৰকাৰ গঠন কৰি চৰকাৰ ঠিকেই পৰিৱৰ্তন কৰিলে কিন্তু ৰাজ্যৰ বাট পথৰ লগতে দলং আদিৰ ব্যৱস্থাহে পৰিৱৰ্তন কৰিব নোৱাৰিলে মোদী চৰকাৰখনে। পৰিৱৰ্তনৰ শ্লোগান গোৱা চৰকাৰখন থকাৰ পিছতো যাতায়তৰ একমাত্ৰ মাধ্যম হিচাপে টুলুঙা নাওঁ ব্যৱহাৰ কৰি যাত্ৰা কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজেও। দক্ষিণ কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীৰ বৰদিয়া নয়াপাৰা, আৰিকাটি, জতিয়া দিয়া, কুচিয়াৰ দিয়া, পানীখাইতী, চতাৰুপাৰা, বৰঘোল আদি গাঁৱৰ পৰা সোণতলী অভিমুখে যাবলৈ এখনো দলং নথকাত প্ৰত্যক দিনাই টুলুঙা নাওঁৰে পাৰ হয় ছাত্ৰ-ছাত্ৰী৷ কেৱল ছাত্ৰ-ছাত্ৰীয়ে নহয়, প্ৰায় ১৫ খন গাঁৱৰ হাজাৰ হাজাৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ উপায় টুলুঙা নাও। ভাৰত স্বাধীনৰ আগৰ পৰাই উক্ত অঞ্চলৰ লোক সকলে যাতায়তৰ ক্ষেত্ৰত এনেকৈয়ে যমৰ যাতনা ভুগ কৰি থাকিবলগীয়া হৈছে৷ কৃষিজীৱি ৰাইজৰ পাৰাপাৰ হোৱা অসুবিধাৰ বাবে পানীৰ দামত বিক্ৰী কৰিবলগা হয় শস্য, মৰাপাট, ধান ইত্যাদি৷ কেৱল সেয়াই নহয়, সৰু পুখুৰী পাৰ হওঁতে কেতিয়াবা টুলুঙা নাওঁ ডুবি সাতুৰি পাৰ হবলগা হয় ছাত্ৰ-ছাত্ৰী৷ উল্লেখ্য যে টুলুঙা নাৱৰ বিপদসংকুল যাত্ৰাত কেবাজনো যাত্ৰী সলিল সমাধি হোৱাৰো অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে৷ স্থানীয় বিধায়িকা নন্দিতা দাসে আশ্বাস দিছিল যে বিধায়ক হব পাৰিলে উক্ত অঞ্চলৰ সমস্যা সমাধান কৰি দিব৷ কিন্তু সেই আশ্বাস আজিকোপতি আশ্বাস হৈয়ে ৰল৷ বৰদিয়া নয়াপাৰাৰ পৰা আৰিকাটি সংযোগী পুখুৰীত এখন দলং নিৰ্মানৰ বাবে বিধায়িকা নন্দিতা দাসক অঞ্চলবাসীয়ে বাৰম্বাৰ আৱেদন কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে।