আব্দুল হক

নগৰবেৰা

২২ অক্টোবৰ

কামৰূপ জিলাৰ বকোৰ নিছলামাৰীত ৰাইজৰ অভিনৱ পদযাত্ৰা। বিগত কিছুদিন ধৰি চোৰে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ৷ অৱশেষত দিন দুপৰতে ৰাইজৰ হাতত আটক হ’ল ছাগলী চোৰ৷ মুখত চূণ সানি, ডিঙিত টিঙ ওলোমাই চোৰক লৈ ৰাইজৰ পদযাত্ৰা।

দিন দুপৰতে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নিছিলামাৰীত ছাগলী চোৰ কৰিবলৈ আহি ৰাইজৰ হাতত ধৰা পৰিল এজন চোৰ। নাম বিদেশী দাস যদিও চোৰ জন কিন্তু বিদেশৰ নহয়। নিছিলামাৰী অঞ্চলৰে বাসিন্দা বিদেশী দাসে দিন দুপৰতে পথাৰৰ পৰা অতি কৌশলেৰে ছাগলী চুৰি কৰি নিব লওঁতেই হাতেলোটে ধৰা পেলায় গৃহস্থই৷ গৃহস্থই ছাগলী চোৰ বিদেশী দাসক আটক কৰি চোৰ চোৰ বুলি চিঞৰাত মূহূৰ্ততে পথাৰত উপস্থিত হয় বহু লোক৷ উত্তেজিত ৰাইজে উত্তম মাধ্যম শোধাই ছাগলী চোৰ বিদেশী দাসক। পৰৱৰ্তী সময়ত ৰাইজে ছাগলী চোৰ জনৰ মুখত চূণ সানি, ডিঙিত টিঙ ওলোমাই পদযাত্ৰা কৰি উপস্থিত হয় মন্দিৰা আৰক্ষী চকীত৷ সম্প্ৰতি আৰক্ষী চকীখনৰ আলহী বিদেশী দাস নামৰ গোভাইত ছাগলী চোৰ।

উল্লেখ্য যে বকোৰ মন্দিৰা-নিছিলামাৰী অঞ্চলটোত দীৰ্ঘদিন ধৰি ছাগলী চোৰে চলাই আহিছিল উপদ্ৰৱ৷ বৰ্তমান ৰাইজে আটক কৰি মন্দিৰা আৰক্ষীক গটাই দিয়া ধৃত ছাগলী চোৰ বিদেশী দাসৰ বিৰুদ্ধে আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে আৰু অঞ্চলটোত চোৰৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো আৰক্ষীৰ পৰৱৰ্তী পদক্ষেপ কি হয় ইয়াৰ ওপৰতো দৃষ্টি থাকিব স্থানীয় ৰাইজৰ।