নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩ মে’ : ক্ৰমাহ্নয়ে ভয়ংকৰ হৈছে ফেনীৰ পৰিস্থিতি । উৰিষ্যাৰ পুৰীত প্ৰতি ঘণ্টাত ১৭০ৰ পৰা ১৮০ কিঃমি: বেগত ধুমুহা বলাৰ পিছতে অসমতো কি ইতিমধ্যে ফণীৰ প্ৰভাৱ বুলি বৰঝাৰ আঞ্চলিক।বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে ।

আনহাতে কলিকতাতো ইয়াৰ প্ৰভাৱ ইতিমধ্যে পৰিছে যাৰ ফলত ফণীৰ বাবে বৰঝাৰ বিমানবন্দৰত ১ খন ২খন নহয় মুঠ ২৩ খন বিমান বাতিল হ’ল । ইয়াৰে ৯খন বিমান অৱতৰন আৰু ১৪খনৰ উৰণৰ কথা আছিল কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে । আটাইকেইখন বিমান কলিকতা আৰু ভুৱনেশ্বৰলৈ যাব লগা আৰু আহিবলগীয়া বিমান আছিল ।

ক্ৰমে ৬ই০৭২৬, এছ জি৩৩৪৬, ৬ই৬২৪৪, ৬ই০২৯২, এছজি৩২৭২, আই৫০৫৩৮, আই৫২৯৯০, এছজি ৩৩৪৫ আৰু এছজি০৬৫৭ নম্বৰৰ বিমানৰ অৱতৰন বাতিল লগতে ৬ই০৭৩১, ৬ই০৫৯৬, এছজি৩৩৪৫, ৬ই০৮৫৬, ৬ই০৮৫৬, ৬ই০২৯১,৬ই০৫৭২,এছজি৩২১৭,আই৫০৫৩৯,আই৫২৯৯১,এছজি৩২৪৬,এছজি০৬৫৮,এ আই০৭৭৫,এছজি৩৩২০ আৰু ৬ই৬২৪৮ নম্বৰৰ বিমান উৰণ বাতিল হৈছে । আনহাতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাল-সলনি হ’ব পাৰে বিমান বাতিলৰ সংখ্যা ।