মীৰ জিয়উৰ ৰহমান

গোসাইগাঁও

৬ অক্টোবৰ

বিটিচিৰ ৫ নং শৰাইবিল সমষ্টিত ইউ পি পি এল আৰু বিভিন্ন দল ত্যাগ কৰি তিনি শতাধিক পুৰুষ মহিলাই যোগদান কৰিলে বিজেপিত।

যি সময়ত বিটিচি পৰিষদীয় নিৰ্বাচনত এইবাৰ বড়ো ভূমিৰ পৰা বি পি এফক উৎখাত কৰি বড়োভূমিৰ শাসন নিজৰ হাতলৈ অনাৰ সপোন দেখি আছে ইউ পি পি এল দলে সেই সময়তে ইউ পি পি এলৰ হাত এৰি বিজেপি মুখী হ’ল বহু নেতা-কর্মী। মঙলবাৰে বিটিচিৰ ৫ নং শৰাইবিল সমষ্টিৰ এছ এছ মাৰ্কেটত বিজেপি দলৰ যোগদান সভাত তিনি শতাধিক পুৰুষ-মহিলাই বিজেপি দলত যোগদান কৰে। বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি বিজেপিত যোগদান কৰা সকলৰ ভিতৰত আছে ইউ পি পি এলৰ বহু কর্মী।

যোগদান অনুষ্ঠানত ৫ নং শৰাইবিল সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী উলিয়াম নাৰ্জাৰী আৰু বিজেপি দলৰ নেতা সকলে ইউ পি পি এলৰ লগতে অন্যান্য দল ত্যাগ কৰি নতুনকৈ বিজেপি দলত যোগদান কৰা সকলক দলীয় পতাকা আৰু এখনকৈ টুপি প্ৰদনা কৰি বিজেপি দললৈ আদৰি আনে।