বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক কলংপাৰ বঁটা প্ৰদান

In ৰাজ্য
Umra Package

কুন্দন ভৰালী

নগাঁও

৩ জানুৱাৰী

বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক কলংপাৰ বঁটা প্ৰদান। নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক বাতৰি কাকত কলংপাৰৰ উদ্যোগত প্ৰদান কৰা হয় কলংপাৰ বঁটা। দেওবাৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা গল্পকাৰ মনোজ কুমাৰ গোস্বামীক এই বঁটা প্ৰদান কৰে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে।

গৃহ চহৰ নগাঁৱত এই বঁটা গ্ৰহণ কৰি আমাৰ অসম কাকতৰ মূখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে ডিজিটেল মিডিয়া বৰ্তমান অতি শক্তিশালী মাধ্যম বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ সন্মুখত। জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে ডিজিটেল সংবাদ মাধ্যমকো এটা উন্নত মানদণ্ডৰ মাজেৰে আগুৱাই নিব লাগিব বুলি মন্তব্য কৰে। মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত কলংপাৰৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে কাকতগোষ্ঠীয়ে কবিতা, গল্প, প্ৰবন্ধ আদি প্ৰতিযোগিতাৰো আয়োজন কৰে।

২০ বছৰত ভৰি দিয়া কলংপাৰ কাকতৰ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী, কলংপাৰ কাকতৰ মূখ্য সম্পাদক ডঃ আবু হানিফা, স্থানীয় বিধায়ক ৰূপক শৰ্মাকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You may also read!

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ

Read More...

National Milk Day : পূৰবী ডেইৰীৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

গুৱাহাটী :  অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০

Read More...

Mobile Sliding Menu