বঙাইগাঁও, সংবাদ ৩৬৫, ২৩ জুনঃ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩নং ভাণ্ডাৰা গাঁৱত সম্পন্ন হৈছে এখন বহু চৰ্চিত বিয়া। বিয়া খনত ভিৰ কৰিছে হাজাৰ হাজাৰ লোক। অবশ্য লোকে লুকাৰণ্য হৈ পৰা বিয়া খনত বিয়া খাবলৈ নহয়, দৰাৰ সৈতে ছেল্মী উঠিবলৈহে হাজাৰ হাজাৰ মানুহে ভিৰ কৰিছে৷ গাঁওখনৰ আব্দুল মান্নানৰ ২৬ বছৰীয়া পুত্ৰ মনিৰ আলীয়ে বাদশাহ আলীৰ ২০ বছৰীয়া কন্যা বাছিয়া খাতুনৰ সৈতে বৃহস্পতিবাৰে সামাজিকভাৱে বিবাহ কাৰ্য সম্পন্ন কৰিবলৈ কইনাৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে দৰা আৰু কইনাৰ লগত ছেল্ফি উঠিবলৈ ৰাইজ কইনাৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হয়। কাৰণ দৰাজনৰ উচ্চতা হৈছে ২ ফুট৷ এই ২ ফুট দৰাৰ সৈতে এগৰাকী ২০ বছৰীয়া যুৱতীয়ে বিবাহপাশত আৱদ্ধ হোৱাৰ ৰাইজৰ মাজত আনন্দ দেখিবলৈ পোৱা যায়। উল্লেখ্য যে মনিৰ আলীয়ে এখন সৰু দোকানৰ জড়িয়তে জীৱিকা নিৰ্বাহ কৰি আছে। দৰাতকৈ কইনা গৰাকী সামান্য ওখ আৰু দৰা-কইনাৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যকে কেন্দ্ৰ কৰি বিবাহখন চৰ্চিত হৈ পৰে যদিও সকলোৱে মনিৰ আৰু বাছিয়াৰ যুগ্ম জীৱন সুখী কামনা কৰিছে।