আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

৯ অক্টোবৰ

দক্ষিণ শালমাৰা অসম-মেঘালয় সীমান্তৰ মেঘালয়ৰ ফুলবাৰী থানা এলেকাৰ চিভিনাঙৰ বশ্বিবান্ধা গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বোৱাৰীজনীক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত চিভিনাঙত উত্তপ্ত পৰিস্থিতি।

জানিব পৰা মতে চিভিনাঙত এগৰাকী কনমানি শিশুৰ মাতৃ আনিছা বেগম নামৰ এগৰাকী বোৱাৰীক স্বামী পৰিয়ালৰ লোকে ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰি ঘৰৰ কাষত পানীত পেলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ইফালে স্বামী পৰিয়ালৰ লোকে মহিলা গৰাকীক হত্যা কৰা ঘটনাটো গাপ দিয়াৰ চেষ্টা চলাই বোৱাৰী গৰাকীৰ পানীত পৰি মৃত্যু হোৱা বুলি গঞা ৰাইজক অবগত কৰে যদিও মাত্ৰ ৮-১০ ইঞ্চি পানীত পৰি কেনেকৈ এজন মানুহৰ মৃত্যু হয় ইয়াকে লৈ এক ৰহস্যৰ সৃষ্টি হৈছে। তদুপৰি মহিলা গৰাকীৰ অভিভাৱক সকলে উক্ত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হোৱাত মৃত মহিলা গৰাকীৰ স্বামী পৰিয়ালৰ লোকে মৃত্যু মহিলা গৰাকীৰ অভিভাৱক সকলোক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুত্বৰভাৱে আঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে উক্ত ঘটনা সংক্ৰান্তত মহিলা গৰাকীৰ অভিভাৱকে মেঘালয়ৰ ফুলবাৰী থানাত এখন এজাহাৰ দাখিল কৰাত মেঘালয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃত্যুদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক মৃত্যুদেহটো চমজাই দিয়ে।

সম্প্ৰতি মৃত্যু মহিলা গৰাকীৰ স্বামী হাশিবুৰ ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়ালৈকে ঘটনাৰ লগত জড়িত অন্য অভিযুক্ত সকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আনহাতে উক্ত ঘটনাৰ চৰ জমিন তদন্ত ক্ৰমে ঘটনাটোৰ লগত জড়িত থকা সকলোবোৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোত লৈ প্ৰেৰণ কৰিবলৈ মেঘালয় আৰক্ষীক দাবী জনাইছে মৃত্যু মহিলা গৰাকীৰ অভিভাৱকে।