ছয়াগাওঁ, সংবাদ ৩৬৫, ২৭ জুনঃ দক্ষিণ কামৰূপৰ ছয়াগাওঁ সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ বাঘমাৰা অঞ্চলত বিগত কিছুমাহ ধৰি খহনীয়াই কালৰূপ ধাৰণ কৰিছে। অঞ্চলটোত খহনীয়াৰ ফলত এটাৰ পিছত আনটো পৰিয়ালৰ বাসগৃহৰ লগতে কেইবাটাও চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে। খহনীয়াই ব্ৰহ্মপুত্ৰৰ বুকুত ইখনৰ পিছত সিখন গাওঁ নিচিহ্ন কৰাৰ পিছত এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পথত অঞ্চলটোৰ বৃটিছৰ আমোলৰ বিদ্যালয় আৰু মছজিদ। অঞ্চলটোৰ প্ৰায় এশ বছৰীয়া পুৰণি মছজিদখন এচপৰা মাটিৰ ওপৰত ওলমি আছে। আনহাতে মছজিদখনৰ লগতে অঞ্চলটোত ১৯২৫ চনত স্থাপন হোৱা প্ৰাথমিক বিদ্যালয় এখনো মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যোৱাৰ পথত। ছয়গাওঁ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা বিদ্যালয়খন মাত্ৰ ৫ মিটাৰ দূৰত্বত অৱস্থিত যদিও বিদ্যালয়খনক সুৰক্ষা প্ৰদান অথবা স্থানান্তৰ কৰিবলৈ বৰ্তমানলৈকে আগবাঢ়ি অহা নাই শিক্ষা বিভাগৰ কোনো আমোলা বিষয়া অথবা জনপ্ৰতিনিধি৷ বিদ্যালয়খন স্থানান্তৰ কৰাৰ বাবে বিদ্যালয় পৰিচালনা সমিতি তথা প্ৰধান শিক্ষকে সংশ্লিষ্ট শিক্ষা বিষয়া গৰাকীক অনুৰোধ জনাই আহিছে যদিও এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বিভাগটো৷ জলসম্পদ বিভাগৰো একেই অৱস্থা, এপাচি শাকত এটা জলকীয়াৰ লেখিয়া মাত্ৰ এটা স্থানত কেইটামান পাৰ্কুপাইন পেলাইয়েই বাঘমাৰা, টপাৰপথাৰ, সৰলাৰসুতি, টেকেলিফুটা, যোৰশিমলুকে ধৰি বৃহত্তৰ অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ নাটক ৰচিছে। অতি শীঘ্ৰে বৈজ্ঞানিক পদ্ধতিৰে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰলৈ কাতৰ আহব্বান জনাইছে অঞ্চলবাসী ৰাইজ৷