নৱজোতি বৰুৱা

চামগুৰি

২২ অক্টোবৰ

বঢ়মপুৰত হিন্দু-মুছলমান সম্প্ৰীতিৰ এনাজৰিয়ে তৈয়াৰ কৰা দেৱী দূর্গাৰ কাঠৰ প্ৰতিমাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। চিচু গছৰ কাঠ আৰু নিম গছৰ কাঠেৰে দুই আৰক্ষী জোৱানে নিৰ্মাণ কৰিছিল দেৱী দুৰ্গাৰ এই স্থায়ী প্ৰতিমা। পঙ্কজ মহন্ত আৰু মণি আহমেদ নামৰ বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ মূখ্য কার্যলয়ৰ দুগৰাকী জোৱানৰ একান্ত প্ৰচেষ্টাৰ সাক্ষী দেৱী দূর্গাৰ এই কাঠৰ প্ৰতিমা।

দুৰ্গা পূজা বুলিলেই এক উখল-মাখল আৰু আনন্দৰ পৰিৱেশ। বছৰ ধৰি অপেক্ষাৰ অন্তত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল দেৱী দূর্গাৰ পুজা-অৰ্চনাৰ উৎসৱ দুৰ্গোৎসাৱ। বৃহস্পতিবাৰে যদিও ষষ্ঠীৰ বেদীত প্ৰাণ প্ৰতিষ্ঠা পাব দেৱী দুৰ্গা, এইবাৰ কিন্তু দুৰ্গা পূজাকলৈ বিগত বছৰ সমূহৰ দৰে নাই উখল-মাখল আৰু আনন্দৰ পৰিৱেশ। মহামাৰী কৰ’ণা ভাইৰাছে সম্পূৰ্ণৰূপে শ্লান পেলাইছে পূজাৰ আনন্দ-উল্লাস। বিগত বছৰ সমূহৰ দৰে এই বছৰ পূজা বুলি উৎসাহ উদ্দীপনা নাথাকিলেও সকলোৱে সাধাৰণভাৱে দেৱীৰ আশীষ লোৱাৰ মানসেৰে মাঙ্গলিক কৰ্মৰ মাজেৰে এইবেলি উদযাপন কৰিব পূজা। জাকজমকতা পৰিহাৰ কৰি চৰকাৰী নিৰ্দেশনা মানি বৃহস্পতিবাৰৰ পৰা পূজা আয়োজন কৰিবলৈ সাজু হৈছে পূজা সমিতি সমূহ। বিগত বছৰ সমূহৰ দৰে এই বছৰো নগাঁও জিলাৰ বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ মূখ্য কার্যলায়ৰ পূজা সমিতিয়েও চৰকাৰী নিৰ্দেশনা মানি আয়োজন কৰিছে পূজা। মনত বহু আশা লৈ প্ৰায় আঠ-ন মাহ পূৰ্বৰ পৰাই পূজা সমিতিটোৱে এটি নৱ নিৰ্মিত স্থায়ী পূজা মণ্ডপৰ কাম হাতত লৈছিল। বৰ্তমান স্থায়ী পূজা মণ্ডপৰ কাম শেষ হৈছে যদিও পূজা সমিতিটোৱে এইবেলি যিধৰণে পূজা অনুষ্ঠিত কৰাৰ আশা কৰিছিল সেই আশাত কৰ’ণা মহামাৰীয়ে চেঁচা পানী ঢালিলে।তথাপিও অনুষ্টুপীয়াকৈও হ’লেও নৱ নিৰ্মিত পূজা মণ্ডপতেই হিন্দু-মুছলমান সম্প্ৰীতিৰে চিচু গছৰ কাঠ আৰু নিম গছৰ কাঠেৰে তৈয়াৰ কৰা মা দুৰ্গাৰ প্ৰতিমা স্থায়ীভাৱে প্ৰতিষ্ঠা কৰিলে।

পঙ্কজ মহন্ত আৰু মণি আহমেদ নামৰ বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ মূখ্য কার্যলয়ৰ দুগৰাকী জোৱানৰ একান্ত প্ৰচেষ্টাত কেইবা বছৰ আগতেই প্ৰাণ পাই উঠিছিল মা দুৰ্গাৰ প্ৰতিমা। সেইহে সম্প্ৰীতিৰ চিন স্বৰূপে চৰকাৰী নীতি নিৰ্দেশনা মানি নৱ নিৰ্মিত পূজা মণ্ডপত স্থায়ীভাৱে কাঠৰ প্ৰতিমা স্থাপন কৰি মাঙ্গলিক ৰীতি নীতিৰ মাজেৰেই পূজা ভাগ অনুষ্ঠিত কৰা হৈছে।