গুৱাহাটী, সংবাদ ৩৬৫, ৯ মাৰ্চ : ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বৰ্তমানেও অব্যাহত আছে জেট এয়াৰৱেজ কৰ্মচাৰীৰ প্ৰতিবাদ । আজিও কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হ’ল বৰঝাৰ বিমানবন্দৰ । সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ২৬ হাজাৰ কৰ্মচাৰীক প্ৰায় ৩ মাহ ধৰি প্ৰাপ্য দৰমহা প্ৰদান নকৰাৰ বাবে এই প্ৰতিবাদ ।

উল্লেখ্য যে সমগ্ৰ ভাৰতবৰ্ষতে চৰকাৰে জেট এয়াৰৱেজ অনিয়মিত ভাৱে বন্ধ কৰি থৈছে । যাৰ ফলত অন্ধকাৰ নামি পৰিছে সকলো কৰ্মচাৰীৰ পৰিয়াললৈ । এতিয়া দিক-বিদিক হেৰুৱাইছে সকলো পৰিয়ালে । চৰকাৰৰ এই হঠকাৰী সিন্ধান্তৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰন কৰে ।

এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জেট এয়াৰৱেজ গ’ মুৰ্দাবাদ,আমাৰ প্ৰাপ্য দৰমহা আদায় দিয়ক আদি ধব্বনিৰে উত্তাল কৰে বিমানবন্দৰ । বিমানবন্দৰৰ পৰা ভি আই পি চকলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে কৰ্মচাৰী সকলে ।