গুৱাহাটী, সংবাদ ৩৬৫, ৩ অক্টোবৰ: বৰঝাৰ বিমানবন্দৰ নৱীকৰণৰ উদেশ্যে বঙৰাৰ ৰাইবড়ী-কৈতাসিদ্ধিৰ সমগ্ৰ গছ কটাৰ সিদ্ধান্ত হাতত লৈছে চৰকাৰ তথা অথৰিতি বিভাগে। বঙৰাত ইতিমধ্যে অথৰিতি বিভাগে আৰম্ভ কৰিছে গছ কটা কাৰ্য । কিন্তু এইখিনিতে বিভাগীয় কৰ্তৃপক্ষই কৰিলে গাফিলতি । কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বঙৰা ৰাইবড়ী-কৈতাসিদ্ধিত গছ কটাৰ বাবে অভিযান চলালে কিন্তু বিভাগীয় কৰ্তৃপক্ষই জনোৱা নাছিল মিৰ্জা উপ সংমণ্ডলৰ অধীনত থকা ৰাইবড়ী-কৈতাসিদ্ধিৰ গছ কটা কাৰ্যৰ ঘটনা । সেয়ে বিদ্যুৎ বিভাগে আগতীয়া জাননি তথা জ্ঞাত নোহোৱাৰ বাবে কটা নাছিল বিদ্যুৎ সংযোগ । আৰু পথেৰে এজন যুৱক স্কুটিৰে আহি থকা অৱস্থাত গছ এডাল বাগৰি পৰে বিদ্যুৎৰ তাৰৰ ওপৰত। যাৰ ফলত বিদ্যুৎৰ তাৰ চিঙি পৰাৰ লগতে ভাঙি যায় এটা বিদ্যুৎৰ খুটাও। আনহাতে পথৰ কাষত গছ কাটি থকা সময়ত উপস্থিত আছিল পলাশবাৰী আৰক্ষী । কিন্তু গছডাল আৰু বিদ্যুৎৰ খুটা বাগৰি পৰাৰ সময়ত যুৱকজনক উপস্থিত থকা আৰক্ষীয়ে কোনো সংকেত দিয়া নাছিল । যাৰবাবে বিদ্যুৎৰ তাৰ বাগৰি পৰে চলন্ত স্কুটি আৰোহীজনৰ শৰীৰত । অৱশ্যে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ। তাৰপিছতে ঘটনাস্থলীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ঘটনাস্থলীত পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয় পলাশবাৰীৰ চক্ৰ বিষয়াৰ লগতে পলাশবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া। স্থানীয় লোকে এনে ঘটনা কিয় সংঘটিত হ’বলৈ পালে তাক লৈ অধিক উত্তপ্ত হৈ ঘেৰাও কৰে চক্ৰ বিষয়াক । আনহাতে ৰাইজে অভিযোগ কৰে যে ঘটনা সংঘটিত হোৱাৰ পিছতো জনোৱা নাছিল মিৰ্জাৰ বিদ্যুৎ বিভাগক । স্বয়ং ৰাইজেহে জনাইছিল বিদ্যুৎ বিভাগক। এতিয়া প্ৰশ্ন হয় যে গছ কাটি মৰভূমি সদৃশ কৰিব লোৱা বঙৰাৰ ৰাইবড়ী-কৈতাসিদ্ধিৰ গছ কটা কাৰ্যৰ বাবে কিয় জনোৱা হোৱা নাছিল মিৰ্জা উপ সংমণ্ডলে অধীনত থকা বিদ্যুৎ বিভাগক ? আৰক্ষী উপস্থিত থাকিও কিয় সংকেত দিয়া নাছিল যুৱক জনক ?