বৰপেটা, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ: বৰপেটাত ঘাইপথ নিৰ্মাণৰ নামত দুৰ্নীতি,অনিয়ম,বিসংগতিৰে নিৰ্মাণকাৰ্য্য লুন্ঠন অব্যাহত ৰাখিছে গৌতমকনষ্ট্ৰাকছনে। গৌতমকনষ্ট্ৰাকছনে চলাই থকা এই দুৰ্নীতিৰ কাম বুধবাৰে বৰপেটা জিলাৰ ভেল্লাৰ একাংশ লোকে তেওঁলোকৰ কাম বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত কলিতাকুছিৰ পৰা বৰপেটা মেডিকেল কলেজলৈ ষাঠি কিলোমিটাৰৰো অধিক সুদীৰ্ঘ পথচোৱা নিৰ্মাণৰ দায়িত্ব লাভ কৰা নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকছনে চৰম অনিয়ম,বিসংগতিৰে নিৰ্মাণকাৰ্য্য চলাই চৰকাৰী ধন লুণ্ঠনৰ ফন্দি পতাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাককলনৰ নীতি-নিয়মৰ বিপৰীতে নিজৰ খেয়াল খুচিমতে নিৰ্মাণকাৰ্য্য অব্যাহত ৰখা নিৰ্মাণকাৰী সংস্থাটোৰ এনে মইমতালিত ক্ষোভিত হৈ পৰিছে সচেতন ৰাইজ। সেই হেতুকে ভেল্লাৰ একাংশ সচেতন ৰাইজে গৌতম কনষ্ট্ৰাকছনৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম,বিসংগতি প্ৰত্যক্ষ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰয়োজনীয় সামগ্ৰী অবিহনে নিৰ্মাণকাৰ্য্য চলাই থকা গৌতম কনষ্ট্ৰাকছনৰ বিষয়ববীয়াক জবাবদিহি কৰে উত্তেজিত জনতাই। নামমাত্ৰ কাম সমাধা কৰি লুণ্ঠনৰ ফন্দি পতা গৌতম কনষ্ট্ৰাকছনক উত্তেজিত জনতাই বিভিন্ন প্ৰশ্নবাণেৰে থকা সৰকা কৰে। কেইদিনমান আগতেও ভেল্লাৰ একাংশ সচেতন লোকে গৌতম কন্ট্ৰাকচনৰ নিৰ্মাণকাৰ্য্য বন্ধ কৰি দিছিল। উত্তেজিত ৰাইজে গৌতম কনষ্ট্ৰাকছনৰ পথ নিৰ্মাণকাৰ্য্যৰ ওপৰত উপযুক্ত তদন্ত কৰিবলৈ জিলা উপায়ুক্তৰ ওচৰত দাবী জনাইছে। ইফালে লুণ্ঠনৰ অভিসন্ধি ৰচা গৌতম কনষ্ট্ৰাকছনক নিৰ্মাণকাৰ্য্য প্ৰাককলন অনুসৰি সম্পন্ন কৰাৰো দাবী তুলিছে। অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও উত্তেজিত ৰাইজে হুংকাৰ দিছে।