বৰপেটা, সংবাদ ৩৬৫, ২৮ ছেপ্টেম্বৰ: বৰপেটাৰ সৰুক্ষেত্ৰীত বিধ্বংসী বান পৰিস্থিতিৰ সৃষ্টি হৈছে। ক্ৰমান্বয়ে সৰুক্ষেত্ৰীত বিধ্বংসী বানে অধিক জটিল ৰূপ ধাৰণ কৰিছে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বান পৰিস্থিতি । পহুমাৰা , কালদিয়া , টিহু আদি নদীৰ বাঢ়নী পানীয়ে সৰুক্ষেত্ৰী সমষ্টিৰ পাকা আৰু বেতবাৰী মৌজাৰ বান পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে । আৱতৰীয়া বানৰ বাবে ইতিমধ্যেই সৰুক্ষেত্ৰী আৰু ভৱানীপুৰ সমষ্টি সীমাত খৰমা বজাৰত থকা বাঁহৰ সাঁকো উটুৱাই নিছে যাৰ বাবে লক্ষাধিক লোকে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লগীয়া হৈছে। অৱশ্যে বৃহস্পতিবাৰৰ নিশা বৰষুণ নাথাকিলেও কালদিয়া , পহুমাৰা , টিহু , পল্লা আদি নদীৰ জলপৃষ্ঠ দ্রুত গতিত বৃদ্ধি পাইছে । আৰু এনেদৰে পানী বৃদ্ধি পোৱাত বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে । আনকি গৃহস্থ ঘৰতো একাঠুলৈকে পানী উঠিছে । পিঠাদি গাৱৰ পিঠাদি পাম , নলীৰ পাথাৰৰ নলীৰ পাম , নলী গাঁও , কয়াকুছি গাৱৰ কয়াকুছি পাম , কয়াকুছি পাথাৰ , তেলেৰীয়া , জালকাৰা , গুমিৰপাথাৰ , পানী মৰিছা, ভেৰাগাঁও , ভৌকামাৰী , অটা আদিকে ধৰি অৰ্ধশতাধিক গাঁও বানৰ কবলত পৰিছে । কেৱল মানুহৰ ঘৰ দুৱাৰেই নহয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতো জলমগ্ন হৈছে । এই বানপানীৰ ফলত বিভিন্ন ঠাইত যাতায়ত ব্যৱস্থা ব্যহত হৈ পৰিছে । এই বানে এনেকুৱা বিধ্বংসী ৰূপ লৈছে যে ৰাজাঘাট – ভক্তৰডবা গড়কাপ্টানী পথৰ ওপৰেদিও পানী বাগৰিছে । সেইদৰে কয়াকুছি- নেউলাৰভিটা – সৰ্থেবাৰী পথৰ কেইবা ঠাইতো পানী উঠিছে । শেহতীয়াভাৱে পহুমাৰা নদীৰ বানে কয়াকুছি– ভক্তৰডবা পথৰ কয়াকুছি পাথাৰৰ ফজু বজাৰত ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে । ইতিমধ্যেই পহুমাৰা নদীৰ খহনীয়াই বেছি অংশ নদীত জাহ যোৱাৰ পিছত মাত্ৰ ৩/৪ মিটাৰহে বাকী আছে বৰ্তমান । যি হাৰত পহুমাৰা নদীয়ে তাণ্ডৱ চলাই আছে যিকোনো মূহুৰ্ত উক্ত ঠাইখিনি ছিগি যোৱাৰ সম্ভাৱনা প্ৰৱল।