সৰুক্ষেত্ৰী, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ কাৱৈমাৰী গাঁওৰ কালদিয়া নৈৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত নিজ শালদহত মথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। যোৱা কিছুদিন ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ বাবেই কালদিয়া নৈৰ পানী বাঢ়ি আহি বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰ চূড়ান্ত দায়িত্ব কাণ্ডজ্ঞানহীনতাৰ বাবে সৰুক্ষেত্ৰীৰ কাৱৈমাৰী গাঁওৰ মথাউৰি বাৰে বাৰে ছিগি সমগ্ৰ পাকা মৌজা অঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ এক প্ৰকাৰ ধ্বংস কৰি পেলাইছে । ৰাইজে এনে ভগ্ন আৰু জৰাজীৰ্ণ মথাউৰীসমূহ বাৰিষাৰ পূৰ্বে মেৰামতি কৰাৰ বাবে সংশ্লিষ্ট বিভাগক বহু আবেদন নিবেদন কৰিও আজিকোপতি কোনো সুফল নাপালে। ফলত দেওবাৰৰ দিনা কালদিয়া নৈখনে মথাউৰীটোৰ প্ৰায় ত্ৰিশ মিটাৰ অংশ চিগি প্ৰায় দহখন গাঁও প্লাৱিত কৰি পেলাইছে। কালদিয়া নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে কাৱৈমাৰী , নিজ শালদহ, ঘোৰামাৰা , বৰশিমলা, ভঠুৱাট্টাৰী , বালাপাৰা ,বামুনকুছি , শান্তিপুৰ , কাৱৈমাৰী ৰিজাৰ্ভ , কাৱৈমাৰী ২ নং ব্লক , কাৱৈমাৰী ১২ ব্লক , সাৰিভিটা ,বগেমাৰী , খৈৰাট্টাৰী , জয়ন্তীপুৰ , নেউলাৰভিটা আদি গাঁওৰ সেউজীয়া কৃষিভূমিসমূহ ডুবাই পেলোৱাৰ লগতে থলুৱা মাছৰ বাবে জনপ্ৰিয় উক্ত অঞ্চলৰ মাছৰ হাজাৰ হাজাৰ পুখুৰী বুৰাই পেলোৱাত কৃষকে মুৰে কপালে হাত দিছে । বানৰ ফলত অঞ্চলটোৰ প্ৰায়বোৰ পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । তাৰোপৰি পহুমাৰা , টিহু আদি নৈৰ পানীয়ে ভক্তৰডবা, পিঠাদি , ভেৰাগাঁও আদি অঞ্চল বুৰাই পেলাইছে। পৰিবৰ্তনকামী চৰকাৰৰ এয়াই যেন উন্নয়ন।