বৰপেটা, সংবাদ ৩৬৫, ৩ অক্টোবৰ: ৰাজ্যত চোৰ, ডকাইতি, হত্যা, লুণ্ঠন আদি যেন নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে। তেনে এক ঘটনা সংঘটিত হয় বৰপেটা চহৰৰ মাজমজিয়াৰ কীৰ্তিমহল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান এখনত। মঙ্গলবাৰে নিশা চহৰখনৰ কীৰ্তিমহল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনত চোৰে লুটি লৈ যায় কেইবাহাজাৰ টকাৰ সামগ্ৰী। বৰপেটা চহৰখনত অব্যাহত আছে চোৰৰ অভিযান ৷ দুদিন পূৰ্বে চহৰখনৰ মুছলিমপট্টিৰ ৰফি জেৰক্স আৰু গেলেক্সি হাৱ নামৰ দুখন মোবাইল বিপনিত চোৰে চুৰিকাণ্ড কৰি বহু লাখ টকা মূল্যৰ মোবাইলসহ নগদ ধন নিৰ্বিঘ্নে লৈ যোৱাৰ চাঞ্চল্য অৱ্যাহত থকাৰ সময়তে মঙ্গলবাৰে নিশা চহৰখনত পুনৰ সংঘটিত হয় উক্ত প্ৰতিষ্ঠানখনত অনুৰূপ ঘটনা ৷ চোৰে আনুমানিক পঞ্চাশ হাজাৰ টকা মূল্যৰ কাপোৰ চুৰি কৰি লৈ যোৱা বুলি ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে ৷ বুধবাৰে পুৱাৰ ভাগত বৰপেটা আৰক্ষীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখনত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে চোৰৰ সম্ভেদ লাভ কৰাৰ বাবে অভিযান চলায় ৷ বৰপেটা চহৰত চোৰৰ উপদ্ৰৱে ৰাইজক অতীষ্ঠ কৰি তুলিছে যদিও এইক্ষেত্ৰত আৰক্ষী সফল নোহোৱাত চিন্তিত হৈ পৰিছে সচেতন ৰাইজ ৷