বৰষুণৰ পানী সংৰক্ষণত গুৰুত্ব পৰিবেশ সাংবাদিক আচাৰ্যৰ

In ৰাজ্য

গুৱাহাটী, সংবাদ ৩৬৫,১৭ মে’ : সমগ্ৰ দেশতে খোৱা পানীৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰা সময়ত বৰষুণৰ পানীৰ সংৰক্ষণ আৰু ব্যৱহাৰে এক বিশেষ গুৰুত্বলাভ কৰিছে। বিশেষকৈ উত্তৰ পূব ৰ দৰে অধিক বৰষুণ হোৱা ৰাজ্য সমূহত বৰষুণৰ পানীক সম্পদ হিচাপে গ্ৰহণ কৰি তাৰ যথাযোগ্য ব্যৱহাৰত অগ্ৰাধিকাৰ দিব লাগে -এই মন্তব্য জ্যেষ্ঠ পৰিৱেশ সাংবাদিক কেয়া আচাৰ্যৰ ।

বাংগালুৰৰ পৰা শুকুৰবাৰে হোৱা এক ভিডিও কণফাৰেন্স যোগে মহানগৰীৰ সাংবাদিক সকলক উদ্দেশ্যি দিয়া এক ভাষণত আচাৰ্যই লগতে খোৱা পানীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছা আৰু জনসাধাৰণৰ মাজত সজাগতা অত্যন্ত প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে। এই প্ৰসংগতে আচাৰ্যই মহানগৰীৰ আবাসিক সকলক বৰষুণৰ পানী সংৰক্ষণ আৰু ব্যৱহাৰ বাধ্যতামূলক কৰিব লাগে বুলি মতপোষণ কৰে ভূ জলৰ অত্যাধিক ব্যৱহাৰে ভাৰতবৰ্ষৰ প্ৰায় সকলো নগৰ -মহানগৰত খোৱা পানীৰ সমস্যাক জটিল কৰি তুলিছে।

দেশত চলি থকা নিৰ্বাচনী প্ৰক্ৰিয়াত পৰিৱেশে কোনো গুৰুত্ব নাপায় বুলি আক্ষেপ কৰি আচাৰ্যই ৰাজনৈতিক দল সমূহৰ ইস্তাহাৰত আৰু নেতাসকলৰ ভাষণত পৰিৱেশে গুৰুত্ব নোপোৱা বুলিও উল্লেখ কৰে।সংবাদ মাধ্যম সমূহেও পৰিবেশ আৰু অনুসন্ধান মূলক বাতৰি আৰু লেখা প্ৰকাশৰ ক্ষেত্ৰত অনীহা প্ৰকাশ কৰা দেখা যায়।

বিগত এটা দশকত ভাৰতীয় সংবাদ মাধ্যমৰ সম্পাদক সকল লাহে লাহে অপ্ৰাসংগিক হৈ আহিছে যাৰ ফলত নতুন সাংবাদিক সকলক দিগদর্শন আৰু উৎসাহ দিয়াৰ ক্ষেত্ৰত এক শূন্যতাৰ সৃষ্টি হৈছে। তথাপিও নতুন প্ৰজন্মৰ সাংবাদিকে সংবাদক্ষেত্ৰত নিজকপ্ৰতিষ্ঠা কৰিবলৈ ন ন চিন্তা চৰ্চা আৰু কাৰিকৰী দক্ষতাৰ সহায় লব লাগিব বুলিও আচাৰ্যই দোহাৰে।

Comments

comments

You may also read!

ধৰ্মৰ নামত বিভাজন কৰি লাভৱান হৈছে মোদী নেতৃত্বাধীন বিজেপি – তৰুন গগৈ

  গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে' : ধৰ্মৰ নামত বিভাজন কৰি লাভৱান হৈছে মোদী নেতৃত্বাধীন বিজেপি । বিজেপিয়ে আশা কৰা

Read More...

অসমৰ স্বাভিমান গামোছা ডিঙিত আৰু জনজাতীয় পাজাৰ মূৰত লৈ বিজয়ী খিতাপ দখল কৰি মাতৃভূমিত উপস্থিত গোলাপ ৰাভা

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে' : প্ৰথমে মিষ্টাৰ ইণ্ডিয়া ২০১৭, ২০১৮ৰ খিতাপ আৰু তাৰ পিছত মিষ্টাৰ এছিয়া ২০১৮ খিতাপ অৰ্জন

Read More...

যাদুৰ সম্ৰাট বিক্ৰমৰ লোকসভা নিৰ্বাচনৰ সঠিক ভৱিষ্যতবাণীৰ পাছতেই বিক্ৰমৰ ওচৰত যাদু শিকিবৰ বাবে আগ্ৰহী কেইবাজনো ৰাজনীতিবিদ

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে' : বৃহস্পতিবাৰে ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফল আজিৰ পৰা প্রায় ১০ দিন আগতেই নিৰ্ধাৰিত

Read More...

Mobile Sliding Menu