শিলচৰ, সংবাদ ৩৬৫, ২৪ জুনঃ বৰাক উপত্যকাতাৰ তিনিওখন জিলাৰ বান পৰিস্থিতি চৰজমিন অধ্যয়ন কৰি সাম্প্রতিক বান পৰিস্থিতি মােকাবিলা কৰিব পৰাকৈ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ১০০ কোটি টকাৰ বান সাহায্য ঘােষণা কৰিছে। শনিবাৰে বিয়লি শিলচৰত উপস্থিত হৈ উপত্যকাটোৰ কৰিমগঞ্জ জিলা আৰু হাইলাকান্দি জিলাৰ বান পৰিস্থিতি পর্যালােচনা কৰাৰ উপৰি দেওবাৰে কাছাৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্রী সােণােৱালে। মুখ্যমন্ত্রী সােণােৱালে দেওবাৰে শিলচৰ নগৰৰ শিৱপুৰত বৰাক নদীৰ দ্বাৰা ক্ষতিগ্রস্ত হােৱা শিলচৰকালাইন পথ পৰিদৰ্শন কৰে। মুখ্যমন্ত্রী সােণােৱালে শিলচৰ নগৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বানাক্ৰান্ত সকলৰ আশ্রয় শিবিৰ পৰিদৰ্শন কৰি শিবিৰত থকা বানক্ষতিগ্রস্ত সকলৰ সৈতে মতবিনিময় কৰে। মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত কার্যালয়ৰ সভা কক্ষত জিলাখনৰ বিধায়ক সকলৰ উপস্থিতিত তথা চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু জিলাৰ মুৰবী বিষয়াসকলৰ সৈতে জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ পর্যালােচনা কৰে।

বান পৰিস্থিতি পর্যালোচনা কৰি মুখ্যমন্ত্রী সােণােৱালে চৰকাৰী বিষয়া সকলক মানবীয় অনুভূতিৰে বান প্ৰভাৱিত লােকসকলৰ প্রতি সকলাে প্ৰকাৰৰ সহায়-সহযােগিতা আগবঢ়াবলৈ নির্দেশ দিয়ে। মুখ্যমন্ত্রী সােণােৱালে কয় যে এয়া এক দুর্যোগৰ সময় আৰু এই সময়ছােৱাত সকলােৱে যৌথ প্রচেষ্টাৰে কাম কৰি দুর্গত সকলৰ প্রতি সহায়ৰ হাত আগবঢ়াব লাগিব। জিলা উপায়ুক্তক সকলাে চৰকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে নিয়মিতভাৱে বানাক্ৰান্তৰ প্রতি আগবঢ়োৱা সা-সুবিধা সমূহৰ পর্যালােচনা আৰু পর্যবেক্ষণ কৰিবলৈ নির্দেশ প্রদান কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে বর্তমানৰ চৰকাৰ হৈছে ৰাইজৰ চৰকাৰ আৰু এই চৰকাৰে নিষ্ঠা আৰু দায়বদ্ধতাৰে ৰাইজৰ প্রতি সহায় আগবঢ়াই আহিছে। চৰকাৰী কাৰ্যালয়ৰ ভিতৰত সােমাই নাথাকি বিষয়া সকলক বান প্রভাবিত অঞ্চল সমূহৰ চৰজমিন পর্যবেক্ষণ কৰি তাৎক্ষণিকভাৱে প্রতিবেদন সমূহ প্রস্তুত কৰি চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। এই ক্ষেত্ৰত স্থানীয় বিধায়কসকলক পূর্ণ আস্থাত লৈ আগবাঢ়িবলৈ মুখ্যমন্ত্রী সােণােৱালে নির্দেশ দিয়ে।

মুখ্যমন্ত্রী সােণােৱালে কয় যে বানৰ দ্বাৰা প্ৰভাৱিত ৰাইজলৈ সাহায্য আগবঢ়োৱাতে প্রশাসন ব্যৱস্থাটো সীমিত হ’লে নহ’ব। বানৰ দ্বাৰা প্ৰভাৱিত জীৱ-জন্তু সমূহেও যাতে সম্পূর্ণ সেৱা আৰু সুবিধা লাভ কৰিব পাৰে সেইয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্রী সােণােৱালে পশু পালন বিভাগক নির্দেশ দিয়ে। লগতে পশু পালন বিভাগৰ সঞ্চালকক বৰাক উপত্যকাতে বাহৰ পাতি তিনিওখন জিলাৰ বানৰ দ্বাৰা প্ৰভাৱিত জীৱ জন্তু সমূহে খাদ্য সামগ্রীকে ধৰি ঔষধপাতি লাভ কৰাৰ ক্ষেত্ৰত যাৱতীয়ে পদক্ষেপ গ্রহণ কৰিবলৈ তথা পশু চিকিৎসক সকলৰ কাম কাজ পর্যালােচনা কৰিবলৈ নির্দেশ দিয়ে।

বানৰ দ্বাৰা ক্ষতিগ্রস্ত কৃষি ভূমি তথা খাদ্য শস্যৰ পর্যালােচনা কৰি খেতিয়কসকলে যাতে তৎকালীনভাৱে চৰকাৰী সাহায্য লাভ কৰিব পাৰে তাৰ বাবে ক্ষেত্ৰ ভিত্তিক অধ্যয়ন কৰি প্রতিবেদন দাখিল কৰিবলৈও মুখ্যমন্ত্ৰীয়ে কয়। কৃষকসকলক প্রধানমন্ত্রী ফচল বীমা যােজনাৰ অন্তর্ভুক্ত কৰি দুর্যোগত ক্ষতিগ্রস্ত হােৱা খাদ্য শস্যৰ বাবে সাহায্য যাতে লাভ কৰি পাৰে তাৰ বাবে কৃষকসকলক উপযুক্তভাৱে সচেতন কৰি তােলাৰ ওপৰটো মুখ্যমন্ত্রী সােণােৱালে গুৰুত্ব আৰােপ কৰে।

বানপানী শুকোৱাৰ পিছত দেখা দিব পৰা বেমাৰ-আজাৰৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী সােণােৱালে স্বাস্থ্য বিভাগক সষ্টম হৈ থকাৰ লগতে স্বাস্থ্য গােট গঠন কৰি গাঁওলৈ গৈ স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰিবলৈ নির্দেশ দিয়ে। তদুপৰি জনসাধাৰণৰ মাজত স্বাস্থ্য সজাগতাৰ বাবে প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিবলৈও মুখ্যমন্ত্রী সােণােৱালে নির্দেশ দিয়ে। জনসাধাৰণক বিশুদ্ধ খােৱাপানী যােগান ধৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্রী সােণােৱালে জনস্বাস্থ্য কাৰিকৰী বিভাগক পানীৰ উৎস সমুহৰ জৰীপ কৰি সেই সমূহ স্বাস্থ্যসন্মত কৰি তােলাৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে। মুখ্যমন্ত্রী সােণােৱালে পর্যালােচনা বৈঠকতে বানৰ দ্বাৰা ক্ষতিগ্রস্ত হােৱা জলসম্পদ বিভাগৰ মথাউৰি সমূহৰা পর্যালােচনা কৰে। সােণােৱালে মথাউৰি সমূহৰ মেৰামতিৰ লগতে চুইচ গেট সমুহ কার্যক্ষম কৰি তােলাৰ বাবেও জলসম্পদ বিভাগক যাবতীয় পদক্ষেপ গ্রহণ কৰিবলৈ কয়। পর্যালােচনা সভাত মুখ্যমন্ত্রী সােণােৱালে বিদ্যুৎ বিভাগ, মীন বিভাগৰ ক্ষয়-ক্ষতিৰো বুজ লয় আৰু বিভাগ সমুক ৰাইজৰ সহায়ক হােৱাকৈ সকলাে প্ৰকাৰৰ সুবিধা নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে।

এই পর্যালােচনা সভাত জলসম্পদ মন্ত্রী কেশৱ মহন্ত, বন মন্ত্রী পৰিমল শুক্লবৈদ্যৰ উপৰি শিলচৰ, লক্ষীপুৰ, কাটিগঢ়া, উদাৰবন্দ আৰু বৰখলাৰ বিধায়কসকল উপস্থিত থাকে।