গুৱাহাটী, সংবাদ ৩৬৫, ২৩ জুনঃ শক্তিপীঠ কামাখ্যাত ২২ তাৰিখৰ পৰা আৰম্ভ হয় অম্বুবাচী মহােৎসৱ, নিশা ৯ বাজি ২৭ মিনিট ৫৪ ছেকেণ্ডত হোৱা প্রবৃত্তিৰে শক্তিপীঠ কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰ পৰৱর্তী চাৰি দিনৰ বাবে বন্ধ হৈ পৰে। মৃগশিৰা নক্ষত্ৰৰ শেষ আৰু আদ্ৰাৰ প্রথম পাদত অম্বুবাচী প্রবৃত্তি হয় আৰু এই সময়ছােৱাত প্রকৃতিৰ ৰাজস্বলা হয় বুলি পৌৰাণিক সময়ৰ পৰা মানি অহা হৈছে। নিলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত দেৱী কামাখ্যাৰ যােনীপীঠ স্থাপিত হৈ আছে সেয়ে পুণ্যধাম কামাখ্যাত অম্বুবাচীৰ প্রবৃত্তিৰ পূর্বে প্রতিদিনৰ দৰে সন্ধিয়াৰ আৰতিৰ পিছত সূর্যাস্তৰ লগে লগে মন্দিৰৰ দ্বাৰ আগন্তুক চাৰি দিনলৈ বন্ধ হৈ পৰে। অম্বুবাচীৰ প্রবৃত্তিৰ পূর্বে দেশ-বিদেশৰ পৰা অহা হাজাৰ হাজাৰ ভক্ত আৰু দর্শনার্থী সকলে মাঁ কামাখ্যাৰ চৰণত পূজা আগবঢ়াই নিজ মনােবাঞ্ছা পূৰণৰ কামনা কৰে। অম্বুবাচী উপলক্ষে জিলা প্ৰশাসনে সুৰক্ষাৰ প্ৰতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ভক্ত আৰু দর্শনাৰ্থী সকলৰ যাতায়াত সুবিধার্থে পৰিবহণ বিভাগৰ ফালৰ পৰা ৮০খনকৈ বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থা কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো প্রশাসনৰ ফলৰ পৰা ভক্ত সকলৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত অস্থায়ী শিবিৰ নিৰ্মাণ কৰা হৈছে। সেইদৰে সােণাৰাম খেলপথাৰত আধ্যাত্মিক তথা সাংস্কৃতিক অনুষ্ঠানৰ আয়ােজন কৰা হৈছে। অহা ২৬ জুন তাৰিখে পুৱা ৭ বাজি ৫১ মিনিট ৫৮ ছেকেণ্ডত অম্বুবাচী নিবৃত্তিৰ পিছত পুনৰ ভক্ত সকলৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ খুলি দিয়া হ’ব।