কালগাছিয়া পৰা স্বফিকুল ইছলাম, সংবাদ ৩৬৫, ২২ জুনঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুইলেজা গাঁৱৰ এগৰাকী যুৱতীক প্ৰেমৰ চলনাৰে পলুৱাই নি হাৰিয়ানাত বিক্ৰী কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কালগাছিয়া হালধীয়া গাঁৱৰ মনচেৰ আলীৰ পুত্ৰ ইমৰান হুচেইনে গুইলেজা গাঁৱৰ এগৰাকী যুৱতীক বন্ধু ৰকিবুলৰ সহযোগত চলিত মাহৰ ১৪ তাৰিখে পলুয়াই নি হাৰিয়ানাত বিক্ৰী কৰে। যুৱতী গৰাকীয়ে কেইদিনমান পূৰ্বে ফোনযোগে পৰিয়ালৰ লগত যোগাযোগ কৰাত পৰিয়ালৰ লোকে হাৰিয়ানা পুলিচৰ সহযোগত যুৱতী গৰাকীক উদ্ধাৰ কৰে। যুৱতী গৰাকীৰ পৰিয়াল লোকে সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হোৱাত কলগাছিয়া আৰক্ষী থানাত ভণ্ড প্ৰেমিক ইমৰান আৰু ইমৰানৰ সহযোগী ৰকিবুলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত আৰক্ষীয়ে ইমৰণৰ সহযোগী ৰকিবুলক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰে যদিও ইমৰান পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে, হাৰিয়ানাত যুৱতী গৰাকীক কেইবাবাৰো ধৰ্ষণ কৰা হৈছিল বুলি ভুক্তভোগীয়ে যুৱতী গৰাকীয়ে জানিবলৈ দিয়ে।