গুৱাহাটী, ১০ ছেপ্তেম্বৰঃ দেশৰ জনপ্ৰিয় ফিটনেছ পৰামৰ্শদাতা তৰুণ গীল আৰু ৰণবিজয় সিং সিংহই আজি গুৱাহাটীত আয়োজিত এক সংবাদত ভাৰতৰ সৰ্ববৃহৎ ফিটনেছ ৰিয়েলিটি শ্ব’ৰ আয়োজনৰ কথা ঘোষণা কৰে৷ ফিটনেছ লীগ অৱ ইণ্ডিয়া শীৰ্ষক এই প্ৰতিযোগিতাত সমগ্ৰ ভাৰতৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব।প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ’ব মুঠ ৩ কোটি টকা নগদ ধন, এখন হাৰ্লি ডেভিদছন বাইক আৰু বলীউডত অভিনয়ৰ এক সুবৰ্ণ সুযোগ৷ ভাৰতৰ বিভিন্ন স্থানত আয়োজন কৰিবলগীয়া অডিচনৰ পৰা মূল পৰ্বৰ প্ৰতিযোগিতালৈ প্ৰতিযোগীসকলক বাচনি কৰা হ’ব৷ ফিটনেছৰ প্ৰতি আকৰ্ষিত যিকোনো লোকেই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷ উল্লেখ্য যে, তৰুণ গিল, ৰণবিজয় সিং সিংহ আৰু মোহিত জুনৰ উদ্যোগত দেশত পোনপ্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতা লীগ পৰ্যায়ত আৰম্ভ হৈছে৷ সংবাদমেলত ফিটনেছ লীগ অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক তৰুণ গীলে কয় যে, ভাৰতৰ আটাইতকৈ সফলতম ফিটনেছ ইউটিউব চেনেল তৰুণ গীল ফিটনেছ’মুকলি কৰা তথা তিনিশৰো অধিক ব’ডিবিল্ডাৰ আৰু এথলীটৰ সাক্ষাৎকাৰ লোৱাৰ পিছত মই অনুভৱ কৰিবলৈ লৈছিলো যে ভাৰতত যুৱচামে এটা সুন্দৰ চেহেৰাৰ অধিকাৰী হোৱাৰ সপোন পুহি ৰাখে যদিও ক্ৰমাৎ যেন সুস্থ হৈ থকাৰ প্ৰৱণতা হেৰুৱাই পেলাইছে৷ কেৱল ‘ছিক্স-পেক’ ফিটনেছৰ চৰম সীমা হৈ পৰিছে, পিছে বিশ্বৰ আটাইতকৈ সুস্থ আৰু ফিট লোকসকলৰ ছিক্স-পেক নাই আৰু তেওঁলোকৰ নাই অতীব সুন্দৰ চেহেৰা৷ যিসকল লোক প্ৰকৃততে সুস্থ বা ফিট অথচ সুন্দৰ শৰীৰ অধিকাৰী নহয়, এই ফিটনেছ লীগ অৱ ইণ্ডিয়াৰ এই ফৰমেটটোৱে তেওঁলোকক এক বিশেষ মঞ্চ দিবলৈ সক্ষম হ’ব৷ দুশৰো অধিক এথলীটক স্বীকৃতি প্ৰদান আৰু বিশৰো অধিক সামাজিক অনুষ্ঠানৰ আয়োজন কৰাৰ পিছত আমি অনুভৱ কৰিছো যে ফিটনেছে ভাৰতত এতিয়াও জনপ্ৰিয়াতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই আৰু ই মাথো ব’ডিবিল্ডিংৰ মাজতে সীমাবদ্ধ হৈ আছে৷ আমি সেই ধাৰণাৰ মাজৰ পৰা ওলাই আহি লোকক তেওঁলোকৰ ফিটনেছ প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদানেৰে উদ্যোগটোক প্ৰসাৰ কৰিবলৈ বিচাৰিছো৷ ইয়াৰেই ফলশ্ৰুতি ফিটনেছ লীগ অৱ ইণ্ডিয়া৷ আনহাতে ৰণবিজয় সিঙে এই লীগ সন্দৰ্ভত কয় যে এই পদক্ষেপে যথেষ্ট কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টি কৰাৰ উপৰিও দেশৰ যুৱচামক সকলো সময়তে সুস্থ হৈ থকাৰ বাবে অনুপ্ৰেৰণা যোগাব৷ , এই লীগ কেৱল এক প্ৰতিযোগিতা নহয়, যুৱচামৰ বাবে ই এক সুন্দৰ কেৰিয়াৰ হিচাপে গঢ়ি উঠিব পাৰে৷ প্ৰতিটো সংস্কৰণতেই থাকিব ষোল্লটাকৈ দল, ৯৬ তকৈও অধিক খেলুৱৈ, ইয়াৰে প্ৰতিগৰাকী খেলুৱৈয়ে প্ৰতিবছৰে এক বুজন পৰিমাণৰ ধন উপাৰ্জন কৰাৰ সুযোগ লাভ কৰিব৷ এফ এল আইৰ সহপ্ৰতিষ্ঠাপক মোহিত জুনে কয় যে, ফিটনেছৰ মাজেৰে বিভিন্ন দক্ষতাৰ পৰিচয় বিচৰাৰ মাধ্যম এই এফ এল আই৷ আমি ইয়াৰ যোগেদি ব’ডিবিল্ডাৰ বা ফিটনেছ মডেল বিচৰা নাই, আমি বিচাৰিছো ফিটনেছক জীৱন ধাৰণৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰা সাধাৰণ লোকৰ সন্ধান কৰিছো৷ উল্লেখ্য যে, ফিটনেছ লীগ অৱ ইণ্ডিয়া প্ৰতিযোগিতাত মহিলা শাখাও সন্নিৱিষ্ট কৰা হৈছে৷ মহিলা শাখাৰ বাবে বিজয়ী প্ৰতিযোগীলৈ আগবঢ়োৱা হ’ব পুৰুষ শাখাৰ সমানে ডেৰ কোটি টকা, এখন হাৰ্লি ডেভিডছন আৰু বলীউডত অভিনয়ৰ সুযোগ৷ উচ্চতা, ওজন আৰু ওঠৰ বছৰৰ ওপৰৰ সকলো বয়সৰ লোকেই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷