মুস্তাক আহমেদ

জুৰীয়া

২৫ অক্টোবৰ

নগাঁও জিলাৰ তিনিচুকীয়া পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ ৰূপ। ভুত বাংলাত পৰিণত হৈছে পশু চিকিৎসালয়খনৰ কার্যলায় আৰু আবাসগৃহ।

আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। এই বাক্যই যেন প্ৰযোজ্য হৈ পৰিছে তিনিচুকীয়া পশু চিকিৎসালয়ৰ ক্ষেত্ৰত। নগাঁও জিলাৰ জুৰীয়াৰ তিনিচুকীয়া অঞ্চলত কেবাবছৰ পূৰ্বে নিৰ্মাণ কৰা পশু চিকিৎসালয়খন বৰ্তমান গৰুৰ গোহালিত পৰিণত হৈছে। কেইবালাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পশু চিকিৎসালয়খনত এজন চিকিৎসকৰ বাহিৰ নাই অন্য কোনো কৰ্মচাৰী। পশু চিকিৎসালয়খনৰ এই জৰাজীৰ্ণ অৱস্থাই অঞ্চলটোৰ কৃষক ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। পশু চিকিৎসালয়খনৰ কার্যলায় আৰু আবাসগৃহ জহি খহি যোৱাৰ লগতে হাবি জংঘলেৰে ভৰি পৰাত ভুত বাংলাত পৰিণত হৈছে পশু চিকিতালায়খন। এজন চিকিৎসকে এই জৰাজীৰ্ণ কার্যলায়ত ৰ’দ বৰষুণকো নেওচি নিজৰ কৰ্তব্য পালন কৰি গৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে পশু চিকিৎসালয়খনত গৰু, ছাগলীৰ চিকিৎসাৰ বাবে কোনো ধৰণৰ সুব্যৱস্থা নাই।

পশু চিকিৎসালয়খনৰ এই দুৰৱস্থাৰ বিষয়ে ৰাইজে উৰ্দতম কৰ্তৃপক্ষৰ ওচৰত বহুবাৰ অভিযোগ দাখিল কৰিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ সুফল নাপালে ৰাইজে। বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ পশু চিকিৎসালয়খন মেৰামতি কৰি গৰু, ছাগলীৰ চিকিৎসাৰ বাবে উপযুক্ত কৰি তুলিবলৈ তিনিচুকীয়াবাসী ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে।