ইয়াছিন আলী

বঙাইগাঁও

২৪ অক্টোবৰ

ইছলাম ধৰ্মাৱলম্বী লোক সকলোৰ বাবে সুখবৰ। সুদীৰ্ঘ ৭ মাহৰ অন্তত ইছলাম ধৰ্মীয় লোক সকলৰ অন্যতম তীৰ্থস্থান মক্কাৰ পিছত মদিনা দৰ্শনৰ অনুমতি মদিনা প্ৰশাসনৰ। মক্কা আৰু মদিনা দৰ্শনৰ অনুমতি পাব ভাৰতেও।

কৰ’ণা মহামাৰীৰ বাবে ৭ মাহ পূৰ্বৰে পৰা আৰৱত জন সমাগম নিষিদ্ধ কৰা হৈছিল। ৭ মাহ পিছত মক্কা শৰীফত প্ৰতিদিনে স্থানীয় ৬ হাজাৰ লোকেহে মক্কা দৰ্শন কৰিবলৈ অনুমতি দিছিল ছৌদি প্ৰশাসনে। পিছত মদিনা শৰীফ তোৱাফ কৰাৰ বাবে মদিনা প্ৰশাসনে অনুমতি প্ৰদান কৰিছে। ইতিমধ্যে প্ৰবাসী অসমীয়া যুৱক ও অসম আল-আমিনা ট্যুৰচ এণ্ড ট্ৰেভেলছৰ মূখ্য সচিব মনিৰ উদ্দিনে মদিনাত নৱবী মছজিদত উপস্থিত হৈ জামাতত নামাজ আদায় কৰি অসমৰ বঙাইগাঁও জিলাৰ সাংবাদিক ইয়াছিন আলীৰ সহযোগত মদিনা প্ৰশাসনে মদিনা দৰ্শনৰ অনুমতি প্ৰদান কৰাৰ বাৰ্তা প্ৰেৰণ কৰিছে।মহামাৰী কৰ’ণা ভাইৰাছৰ বাবে সুদীৰ্ঘ ৭ মাহ লকডাউন চলি থকাৰ পিছত নববী মছজিদত নামাজ পঢ়ি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰা বুলি জানিবলৈ দিয়ে অসমৰ যুৱন জনে। অসম আল আমিনা ট্যুৰচ এণ্ড ট্ৰেভেলছৰ সকলো বিষয় ববীয়াৰ লগতে সমগ্ৰ দেশবাসী ও অসমৰ সকলো জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতি অটুট ৰখাৰ বাবে মদিনাৰ পৰা নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰে যুৱক জনে। নিশ্চয় অসমৰ লোক সকলৰ বাবে সুখবৰ এই যে অসমত আল আমিনা ট্যুৰচ এণ্ড ট্ৰেভেলছৰ জৰিয়তে ২০২১ চনৰ বাবে ওমৰাহ হজৰ বুকিং চলি আছে।

অচিৰেই বাংলাদেশ, ইণ্ডোনেছিয়া, ইৰাক, ইৰান, কুৱেইট, আফগানিস্তান আৰু ভাৰতকে আদি কৰি বিশ্বৰ আন আন ৰাষ্ট্ৰৰ লোক সকলৰ বাবেও ছৌদি চৰকাৰে ওমৰাহ হজৰ অনুমতি প্ৰদান কৰাৰ পুৰ্ণসম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।