কলগাছিয়া, সংবাদ ৩৬৫, ২ অক্টোবৰ: বৰপেটা জিলাৰ কলগাছিয়াৰ ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত প্ৰধান শিক্ষক আব্দুল বাতেনে ব্যাপক দুৰ্নীতি কৰাৰ তথ্য পোহৰলৈ আহিছে। ৰামপুৰ গাঁওৰ মফিদুল ইছলাম নামৰ এজন যুৱকে তথ্য জনাৰ অধিকাৰ আইন(আৰ টি আই)২০০৫ৰ জৰিয়তে লাভ কৰাৰ তথ্যত এই দুৰ্নীতি ধৰা পৰে। প্ৰধান শিক্ষক আব্দুল বাতেনে মধ্যাহ্ন ভোজনৰ নামত কৰা দুৰ্নীতি ঢাকিবলৈ হাজিৰা বহীত বিদ্যালয়ত অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ এ(A)কাটি উপস্থিত বনাবলৈ পি(P) বনোৱা, চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ছাত্র-ছাত্ৰীক বিদ্যালয়ত উপস্থিতি, ছাত্ৰ-ছাত্ৰীৰ এটা শ্ৰেণীতে দুটাকৈ নাম ভৰ্ত্তি, এজন ছাত্র বা ছাত্ৰীৰ দুটা শ্ৰেণীত নাম ভৰ্ত্তি দেখুৱা হৈছে। ইয়াৰ উপৰিও মধ্যাহ্ন ভোজনৰ সামগ্ৰী কিনা দোকানীৰ পৰা দোকানীৰ চহী থকা খালি বিল সংগ্ৰহ কৰি প্ৰধান শিক্ষকে অধিক দামত বিল বনাই জমা দিয়াৰ তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে, ইয়াৰ পুৰ্বেও এই প্ৰধান শিক্ষক গৰাকীয়ে মধ্যাহ্ন ভোজনৰ চাউল ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিছিল যদিও কিন্তু চাউলৰ লগত অহা টকা বিতৰণ কৰা নাছিল। এই দুৰ্নীতিকাৰী প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে অতি সোনকালে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঊৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৰাইজে।