মুকালমুৱা, ১৭ ছেপ্টেম্বৰঃ বিদ্যুৎৰ সঘন লুকা-ভাকু তথা ভয়াবহ লোডশ্বেডিঙে অতিষ্ঠ কৰিছে কৰিছে নলবাৰীৰ বৰক্ষেত্ৰীবাসীক৷ বৰক্ষেত্ৰীৰ জনসাধাৰণে দৈনিক একেলগে ২ৰ পৰা ৩ঘন্টা পৰ্যন্ত বিজুলিৰ লাভ কৰাৰ পৰা বঞ্চিত হৈছে। যাৰ কাৰণে জনসাধাৰণ অতিষ্ঠ হৈ পৰিছে৷ পৰিবৰ্তনৰ শ্ল’গান ৰাজ্যত এতিয়াও আখৈ ফুটা দি ফুটি থকা অৱস্থাত মন্ত্ৰী পল্লৱ লোচন দাসৰ অধীনস্থ বিভাগটোৰ চূড়ান্ত গাফিলতিত বিদ্যুতে জ্বলাকলা খুৱাইছে ৰাজ্যৰ জনসাধাৰণক৷ উল্লেখ্য যে, বৰক্ষেত্ৰীৰ কেইবাটাও চৰকাৰী বেচৰকাৰী প্ৰতিস্থানকে ধৰি সমগ্ৰ সমষ্টিটোৰ লগতে মুকালমুৱা আৰক্ষী থানাও নিশা হ’লে অন্ধকাৰ হৈ পৰে৷ দিনৰ ভাগতো বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ কাম বিদ্যুৎৰ বাবে স্থবিৰ হৈ পৰে৷ পৰিবৰ্তনৰ শ্ল’গান দি ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি মিত্ৰজোঁট চৰকাৰৰ অধীনস্থ বিদ্যুৎ বিভাগৰ পয়ালগা স্বৰূপে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে বৰক্ষেত্ৰীৰ জনসাধাৰণক৷