গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জুনঃ মহানগৰীৰ জু-ৰোডত এক বিধ্বংসী অগ্নিকাণ্ডৰ সংঘটিত হৈছে। গণেশগুৰিৰ জু-ৰোডৰ নাৰ্ছাৰীস্থিত নিৰ্বান টাৱাৰত দেওবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত অগ্নিকাণ্ড সূত্ৰপাত হয়। সমগ্ৰ নিৰ্বান টাৱাৰ জুইয়ে আগুৰি ধৰাত অগ্নি নিৰ্বাপক বাহিনীৰ ৪ খনকৈ গাড়ীয়ে জুই নুমোৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমানলৈকে জুইৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। অগ্নিকাণ্ড ফলত কেইবালাখ টকাৰ সম্পত্তিৰ ক্ষতিসাধন হোৱাৰ লগতে জুইৰ মাজত এজন লোক আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। আবদ্ধ লোকজনক উদ্ধাৰৰ বাবেও অভিযান অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপক বাহিনীৰ দলে।