গুৱাহাটী
২৫ অক্টোবৰ

মহানগৰীৰ পাঞ্জাৱৰীত নকল নোটৰ উজান। মহানগৰ আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই জব্দ কৰিলে লাখ লাখ টকা। পাঞ্জাৱৰীতে তৈয়াৰ কৰা হৈছিল এই লাখ লাখ টকা। লাখ লাখ জাল নোটসহ উদ্ধাৰ হৈছে জাল নোট চপা মেচিন।

পূজাৰ মাজতে মহানগৰীৰ পাঞ্জাৱৰীৰ ফখৰুদ্দিন আলী আহমেদ ৰোডৰ মিলন পথত মহানগৰ আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অভিযান। এক গোপন খবৰৰ ভিত্তিত অপৰাধ নিয়ন্ত্ৰণ শাখাই অভিযান চলাই মিলন পথৰ এটা ভাড়া ঘৰৰ পৰা উদ্ধাৰ কৰে লাখ লাখ টকাৰ জাল নোট। অপৰাধ নিয়ন্ত্ৰণ শাখাই ভাড়া ঘৰটোৰ চলি থকা জাল নোট প্ৰস্তুতকাৰী চক্ৰটোক উৎখাত কৰি চক্ৰটোৰ চাৰিজনকৈ সদস্যক আটক কৰে। ধৃত চক্ৰটোৰ সদস্য কেইজন ক্ৰমে নজৰুল হাছান, আফজালুৰ ৰহমান, নিজামুদ্দিন আৰু হামিদ আলী বুলি জানিব পৰা গৈছে। জাল নোট প্ৰস্তুতকাৰী চক্ৰটোৱে ভাড়া ঘৰত থাকি দীৰ্ঘদিন ধৰি জাল নোটৰ বেহা চলাই আহিছিল।

অভিযানত অপৰাধ নিয়ন্ত্ৰণ শাখাই ১০ লাখতকৈও অধিক জাল নোট জব্দ কৰাৰ লগতে এটা জাল নোট চপা মেচিন, বাইক আৰু কেইবাটাও মবাইল ফোন জব্দ কৰে। জানিব পৰা মতে জাল নোট প্ৰস্তুতকাৰী এই চক্ৰটোৱে সমগ্ৰ উত্তৰ পূৱতে জাল নোটৰ বেহা চলাইছিল।