গুৱাহাটী, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰীঃ  মহানগৰী গুৱাহাটীৰ বৰাগাওঁত শুক্ৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বশিষ্ঠৰ পৰা জালুকবাৰী অভিমুখে গৈ থকা এএছ-০১- এভি-০৩৫৬ নম্বৰৰ এখন স্কুতিক একে দিশৰ পৰা আহি থকা এএছ-০১-এফচি-৩৭৫০ নম্বৰৰ এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়াত ঘটনাস্থলীতে এগৰাকী মহিলা নিহত হোৱাৰ লগতে দুজনকৈ লোক আহত হয়। জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত হোৱা স্কুতিখন নিহত হোৱা মহিলা গৰাকীৰ স্বামীয়ে চলাই আছিল আৰু তেওঁলোকৰ লগতে তেওঁলোকৰ পুত্ৰ সন্তানো স্কুতিখন আছিল। দুৰ্ঘটনাত পিতা পুত্ৰ সামান্য ভাবে আঘাতপ্ৰাপ্ত হয় যদিও মহিলা গৰাকী থিতাতে নিহত হয়। দুৰ্ঘটনাত নিহত হোৱা সান্তনা দাস নামৰ মহিলাগৰাকীৰ ঘৰ আমিনগাঁওৰ মাৰীয়াপট্টিত। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনৰ চলক পলায়ন কৰে যদিও আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়।