কুন্দন ভৰালী

নগাঁও

১০ অক্টোবৰ

নগাঁৱত এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। স্বামী গৃহৰ অনুসৰি শাৰিৰীক অসুস্থতাৰ বাবে মহিলা গৰাকীৰ মৃত্যু হৈছে। ইফালে ১০৮ চালকৰ মতে স্বামীয়ে মাৰপিট কৰাৰ বাবে মৃত্যু হৈছে মহিলাগৰাকীৰ।

নগাঁও জিলাৰ বেঙেনাআটিত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৪ সন্তানৰ মাতৃ ৰমণী দাস নামৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মহিলা গৰাকীৰ স্বামীগৃহৰ লোকে শাৰিৰীক অসুস্থতাৰ বাবেই মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়াৰ বিপৰীতে ১০৮ এম্বুলেন্স চালকৰ মতে স্বামীয়ে মহিলা গৰাকীক মাৰপিট কৰাৰ বাবেই মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।

আনহাতে ৰহস্যৰ আৱৰ্তত সোমাই পৰা ৰমণী দাসৰ মৃত্যুৰ ঘটনাৰ পিছৰে পৰা নগাঁৱৰ ভোগেশ্বৰী ফুকননী চিকিৎসালয়ৰ পৰা ৰহস্যজনকভাৱে অন্তৰ্ধান হয় মহিলাগৰাকীৰ স্বামী পৰেশ দাস। বৰ্তমান ৰমণী দাস নামৰ মহিলা গৰাকীৰ মৃতদেহ ভোগেশ্বৰী ফুকননী চিকিৎসালয়তে আছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।