গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ৪ জুনঃ গোলাঘাট জিলা মহেশ্বৰী সভা, মহেশ্বৰী মহিলা সংগঠন আৰু মহেশ্বৰী যুৱ সংগঠনৰ উদ্যোগত আৰু স্থানীয় লাইফষ্টাইল ফৰ ইউ ফিট নামৰ সংস্থাৰ সহযোগত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। স্থানীয় মহেশ্বৰী ভৱন প্ৰাংগণত অনুষ্ঠিত কৰা ‘ৱেলনেছ ইভালুৱেছন’ শীৰ্ষক এই শিবিৰত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ৰক্ত পৰীক্ষণ শিবিৰো অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এক সভাত গোলাঘাট অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ প্ৰভাৰী ডঃ জয়ন্ত বৰগোঁহাই, চকু চিকিৎসালয়ৰ প্ৰখ্যাত দুৱৰা, পৰামৰ্শদাতা বিজু বৰা, লাইফষ্টাইল ফিট ফৰ ইউৰ বিষয়ববীয়া অশোক চাহু, চন্দন চাহু, গীতা চাহু আৰু মণ্টু চৌহান, টেকনিছিয়ান মনোজ চাহু আৰু প্ৰিতম চৌহানক সম্বৰ্দ্ধনা জনোৱা হয়। সভাত ডঃ জয়ন্ত বৰগোঁহাইয়ে ৰক্ত সম্বন্ধীয় বিভিন্ন তথ্য দাঙি ধৰে। আনহাতে অশোক চাহুৱে শৰীৰৰ বিভিন্ন মাপকসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱাৰ লগতে এক সুস্থ সবল জীৱনশৈলী সন্দৰ্ভত ৰাইজক অৱগত কৰে। বিনামূলীয়া এই শিবিৰত ডেৰ শতাধিক লোকে স্বাস্থ্য আৰু ব্লাড গ্ৰুপ পৰীক্ষা কৰোৱায়। এই কাৰ্যসূচীতে গোলাঘাটৰ ডনবস্ক’ কলেজৰ অধ্যক্ষ ফাদাৰ জ’ছ আৰু প্ৰবক্তা চিষ্টাৰ ৰীণা জৰ্জকো সম্বৰ্দ্ধনা জনোৱা হয়।