যতীন নাথ

মাজবাট

১৫ অক্টোবৰ

মাজবাটত হোণ্ডা চিভিএছ বাহনৰ পৰা জব্দ ৭৪ কেজি ভাং। আৰক্ষীৰ তালাচি প্ৰত্যক্ষ কৰি বাহন এৰি পলায়ন কৰে ভাং সৰবৰাহকাৰী। আৰক্ষীৰ তদন্ত অব্যাহত।

ওদালগুৰি জিলাৰ মাজবাটৰ ওৰাং- ৰূপা পথৰ বাহীপুখুৰী চাহ বাগিচাৰ কাষৰ পৰা হোণ্ডা চিভিছ গাড়ীসহ ৭৪ কেজি ভাং জব্দ কৰে আৰক্ষীয়ে। বৃহস্পতিবাৰে মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈ আৰু এচ আই ৰোহিৎ কুমাৰ চেত্ৰীৰ নেতৃত্বত মাজবাটৰ বাহীপুখুৰী চাহ বাগিচাৰ ওচৰত নিয়মীয়া তালাচী চলাই থকাৰ সময়তে অৰুণাচলৰ পৰা মাজবাট অভিমুখে আহি থকা এখন হোণ্ডা চিভিছ গাড়ী দেখা পায় আৰক্ষীয়ে। গাড়ীৰ ভিতৰত থকা লোক সকলে পুলিচৰ তালাচী দেখা পাই কিছু দূৰত্বত গাড়ীখন এৰি বাগিচাৰ মাজেৰে পলায়ন কৰে যদিও পিচত আৰক্ষীয়ে গাড়ীখনত তালাচী চলাই গাড়ীৰ ভিতৰৰ পৰা তিনি বস্তা ভাং জব্দ কৰে। আৰক্ষীয়ে গাড়ীসহ ভাংখিনি থানালৈ লৈ আহে আৰু ৯০/২০২০/২০(৬)(২চি) এন ডি আৰ এচ এক্টত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীয়ে জব্দ কৰা ভাংখিনিৰ ওজন ৭৪ কেজি আৰু গাড়ীখনৰ নম্বৰ এএচ-০১-এজি-৫৫৬৬ বুলি জানিব পৰা গৈছে। হোণ্ডা চিভিছ গাড়ীখন কামৰূপ জিলাৰ কাঞ্চন মোৰ স্বাভাৰৱাল, হৰীশ ষ্টিল এগ্ৰো ইন্দাষ্ট্ৰিৰ নামত পঞ্জীয়ন আছে বুলিও জানিব পৰা গৈছে।