মাণিকপুৰ, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ মাণিকপুৰ অঞ্চলৰ প্ৰায় ২০ খনতকৈও অধিক গাঁও বানত প্লাৱিত হৈছে। কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি আহি মানাহ নদীৰ পানীয়ে ডুবাই পেলাইছে ভাটিপাৰা, বৰবিলা চৰপাৰা, লুংঝাৰ, আদি কৰি মাণিকপুৰৰ বৃহৎ অঞ্চল। বানপানীৰ ফলত একাংশ বিদ্যালয়ত পাঠদান বন্ধ হোৱাও পৰিলক্ষিত হয় । হাজাৰ হাজাৰ বিঘা কৃষিভূমি বানৰ কবলত পৰিছে ।কৃষকৰ হাড় ভঙা পৰিশ্ৰমৰ ফলত সেউজীয়া হৈ উঠা ধাননি পথাৰ খনত ধানৰ সিচ ওলোৱাৰ সময়ত পানীৰ কবলত পৰাত কৃষকৰ বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে । ৰাস্তা ঘাট পানীত ডুব যোৱাত সৰ্বসাধাৰণ ৰাইজৰ যাতায়ত ব্যাহত হৈ পৰিছে। এনেদৰে পানী বাঢ়ি থাকিলে অঞ্চলটোত অধিক জটিল সমস্যাৰ সৃষ্টি হব পাৰে। কিন্তু জিলা প্ৰশাসনে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যাৱস্থা গ্ৰহণ কৰা নাই বুলি জানিব দিয়ে ৰাইজে।