মানকাচৰ, সংবাদ ৩৬৫, ১১ মে’ : সমগ্ৰ বিশ্বজুৰি ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰিবলৈ লৈছে ৰমজান মাহৰ পবিত্ৰ ৰোজা । এই ৰমজান মাহতেই ইছলাম ধৰ্মালম্বী লোকসকলে পূন্যৰ কাম কৰিব । পিছে মানকাচৰৰ একাংশ বিদ্যালয়ত ৰমজানৰ বাবেই বন্ধ কৰিছে মিড ডে মেল । কন কন ছাত্ৰ-ছাত্ৰীৰ মুখৰ পৰা দুপৰীয়া খাদ্য কাঢ়ি লোৱাটো পূন্যৰ কাম হবনে ? সমাজ গঢ়াসকলে যেতিয়া সমাজ ধব্বংস কৰে তেতিয়া কি হব ?

মানকাচৰৰ বেঙেৰ ভিটা ক্লাছটাৰৰ ২৫০ নং পূব মলামাৰী এল পি স্কুল , বেঙেৰ ভিটা এম ই , স্কুল , ১৩৭ নং দক্ষিণ চিৰাখোৱা এল পি স্কুল , ছটো চিৰাখোৱা নৱ জ্যোতি এল পি স্কুল , ০৩৩ নং চিৰাখোৱা টোপপাৰা এল পি স্কুল আদি বিদ্যালয়ৰ ৰমজানৰ আগৰ পৰাই মিড ডে মেল বন্ধ কৰি ৰাখিছে ।

ইফালে বিদ্যালয়ৰ প্ৰধান শিক্ষকেও নিজ মুখে স্বীকাৰ কৰিছে মিড ডে মেল বন্ধ ৰখাৰ কথা । প্ৰধান শিক্ষকে কোৱা মতে চি আৰ চি চিক অৱগত কৰি মিড ডে মেল বন্ধ ৰাখিছে ।

এতিয়া শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াই পাৰিব নে মানকাচৰৰ একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকক নাকী লগাবলৈ ? নে এনেকৈ চলিব শিক্ষা বিভাগ ?