ৰঙিয়া, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰীঃ ৰঙিয়া নগৰত মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলে মঙলবাৰে এক ব্যতিক্ৰমী শোভাযাত্ৰা উলিয়াই। স্বাধীনতা আন্দোলনত দেশৰ হকে প্ৰাণ দিয়া আৰু সমগ্ৰহ অসমীয়া নাৰীৰ সাহসৰ প্ৰতীক কনকলতা, বিহু নৃত্য, বঙালী দৌল উৎসৱ, বড়োসকলৰ বাগৰুম্বা, খেৰাই নৃত্য, অসমত বসবাস বৰা সকলোবোৰ সম্প্ৰদায়ৰ দৰা কইনা, মুগা সাজ পৰিধান কৰি কলহ লোৱা ছাত্ৰী, অসমীয়া সংস্কৃতিত মাছ মৰাৰ পৰম্পৰা প্ৰদৰ্শনৰ বাবে ওলাই আহে মহাবিদ্যালয়খনৰ ছাত্ৰীসকল। মঙলবাৰে মহাবিদ্যালয়খনৰ বাৰ্ষিক যুৱ উৎসৱ উপলক্ষে উলিওৱা এক বৰ্ণাঢ্য শোভাযাত্ৰাত ৰঙিয়া নগৰৰ ৰাজপথত দেখিবলৈ পোৱা যায় এনে দৃশ্য। ছাত্ৰীসকলৰ এই বিনম্ৰ প্ৰয়াসত ভাগ লয় মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে।মহাবিদ্যালয়খনৰ বাৰ্ষিক যুৱ উৎসৱ উপলক্ষে উলিওৱা বৰ্ণাঢ্য শোভাযাত্ৰাটোত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ গীত মাত পৰিবেশন কৰা হয়।