গুৱাহাটী, সংবাদ ৩৬৫, ৫ জুনঃ মালিগাঁৱৰ বৰবজাৰত সোমবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড হয়। অগ্নিকাণ্ডৰ ফলত বৰবজাৰৰ দুখনকৈ দোকান ভস্মীভূত হয়। অগ্নিকাণ্ড খবৰ পাই ঘটনাস্থলীত পাণ্ডু আৰু পানবজাৰ অগ্নিনিৰ্বাপক বাহিনীৰ ৬খনকৈ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ ফলত সৌভাগ্যক্ৰমে ৰক্ষা পৰে সমগ্ৰ বৰবজাৰৰ লগতে অঞ্চলটো। বৰ্তমানলৈকে জুইৰ সুত্ৰপাত কাৰণ জানিব পৰা হোৱা নাই যদিও অগ্নিকাণ্ডত ভস্মীভূত হোৱা দোকান দুখনত দীৰ্ঘদিনৰ পৰা অবৈধ ভাৱে সুৰাৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। ৰাইজে অৱকাৰী বিভাগ আৰু আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি দোকান দুখনৰ জুইত জাহ যোৱা অৱশিষ্ট অংশ ভাঙি লণ্ডভণ্ড কৰে।