ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ: বিকশিত অসমৰ এক নিৰ্লজ ঘটনা সংঘটিত হয় মাৰ্ঘেৰিটাত। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ ৩নং বৰহোলোং গাৱত জৰাজীৰ্ন পথৰ ওপৰতে পুৱতি নিশা প্ৰসুতিয়ে জন্ম দিলে কেচুৱা ৷পুৱতি নিশা প্ৰায় ৩.৩০ বজাত প্ৰসুতিগৰাকীক চিকিৎসালয়লৈ নি থকা মুহূৰ্তত প্ৰসুতিগৰাকীয়ে প্ৰসৱ কৰে সন্তান। বৰহোলোং গাৱৰ জৰাজীৰ্ণ পথটোৰে গাড়ী চলাচল কৰিব নোৱাৰাত বহু দূৰ পথ খোজ কাঢ়ি চিকিৎসালয়লৈ গৈ থাকোতে জৰাজীৰ্ণ পথটোতে সন্তান জন্ম দিব লগীয়া হয় ৷পথতে মুকলি আকাশৰ তলত সন্তান জন্ম দিব লগা হোৱাত স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰিছে ৷পাছত স্থানীয় ৰাইজে আঁৰ কাপোৰ দিয়াৰ লগতে জুই জ্বলাই প্ৰসুতি গৰাকীক সহায় কৰে ৷জৰাজীৰ্ন পথটো ১৫ বছৰীয়া শাসন চলোৱা কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমান পৰিৱৰ্তকামী বিজেপি চৰকাৰে নিৰ্মানৰ ব্যৱস্থা নকৰিলে ৷ উল্লেখ্য যে উক্ত পথটো একালৰ প্ৰতাপী মন্ত্ৰী প্ৰদ্যুত বৰদলৈ আৰু বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাৰ গৃহসমষ্টি মাৰ্ঘেৰিটা সমষ্টিৰ ৷