গুৱাহাটী

২৫ অক্টোবৰ

কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ এখন বিশেষ পত্ৰ। ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ গৰম কৰি ৰখা মিঞা সংগ্ৰহালয়ৰ বিতৰ্কৰ মাজতে বিধায়ক শ্বেৰমান আলী আহমেদৰ এই এখন বিশেষ পত্ৰই এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিধায়ক গৰাকীৰ মতে বিধানসভাৰ ‘ডিপাৰ্টমেণ্টলে ষ্টেণ্ডিং কমিটী’য়ে বিচাৰিছিল কলাক্ষেত্ৰত চৰ-চাপৰিৰ সংগ্ৰহালয় নিৰ্মাণ কৰা।

কলাক্ষেত্ৰত চৰ-চাপৰি লোক সকলৰ মিঞা সংগ্ৰহালয় নিৰ্মাণ কৰাৰ বাবে বিধায়ক শ্বেৰমান আলী আহমেদে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰকলৈ এতিয়া উত্তপ্ত হৈ আছে সমগ্ৰ ৰাজ্য। বিধয়াক শ্বেৰমান আলী আহমেদৰ পত্ৰখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰ-চাপৰিৰ লোক সকল বাংলাদেশৰ প্ৰবজনকাৰী গতিকে এই সকল লোকৰ বাবে কলাক্ষেত্ৰত সংগ্ৰহালয় নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি কৰা মন্তব্যৰ পিছতে বিজেপি দলৰ অন্যান্য কেইবাগৰাকী নেতাই কংগ্ৰেছ দলৰ বিধায়ক শ্বেৰমান আলী আহমেদক তীব্ৰ সমালোচনা কৰিছো। ইয়াৰ মাজতে কংগ্ৰেছৰ বিধায়ক গৰাকীয়ে দাবী কৰিছে যে কলাক্ষেত্ৰত চৰ-চাপৰিৰ লোক সকলৰ মিঞা সংগ্ৰহালয় নিৰ্মাণ কৰাৰ সিদ্ধান্ত তেওঁৰ ব্যক্তিগত নহয়, এই সিদ্ধান্ত বিধানসভাৰ ‘ডিপাৰ্টমেণ্টলে ষ্টেণ্ডিং কমিটী’ৰ। এই কমিটীখনে কলাক্ষেত্ৰত চৰ-চাপৰিৰ মিঞা সংগ্ৰহালয় নিৰ্মাণ কৰাটো বিচাৰিছিল। কংগ্ৰেছৰ বিধায়ক গৰাকীয়ে লগতে কয় যে এই কমিটীখন ১৫ জনীয়া সদস্যৰ আৰু ইয়াত ৬ জন বিজেপিৰ বিধায়ক, ৩ জন কংগ্ৰেছৰ বিধায়ক, ২ জন এ আই ইউ ডি এফৰ বিধায়ক, ২ জন অগপ দলৰ বিধায়ক আৰু ২ জন বি পি এফৰ বিধয়াক আছে। অগপ দলৰ বিধায়ক উৎপল দত্ত সভাপতি হিচাপে থকা কমিটীখনৰ ১০ জনকৈ সদস্য মিত্ৰজোঁট চৰকাৰৰ।

মিঞা সংগ্ৰহালয়লৈ ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বিধায়ক শ্বেৰমান আলী আহমেদে কয় যে বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ বাবেই মিঞা সংগ্ৰহালয়লৰ বিষয়টোক ব্যৱহাৰ কৰিছে। উল্লেখ্য যে মিঞা সংগ্ৰহালয় নিৰ্মাণৰ কমিটীখনত নাম আছে বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাৰ। কমিটীখনত নাম থকাৰ পিছতো বিধায়ক পদ্ম হাজৰিকাই মিঞা সংগ্ৰহালয়ৰ বিৰুদ্ধে এক ফেচবুক পোষ্ট শ্বেৰ কৰিছে।