মুকালমুৱাত পিষ্টলসহ আটক দুজন

In ৰাজ্য
Umra Package

বিনু তালুকদাৰ

মুকালমুৱা

১২ ছেপ্টেম্বৰ

মুকালমুৱা আৰক্ষীৰ বিশেষ সাফল্য। পিষ্টলসহ আটক কৰিলে দুজন লোকক। বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জড়িত আছিল ধৃত লোক দুজন। গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আটক কৰিলে দুয়োকে।

মুকালমুৱাত পিষ্টলসহ আৰক্ষীয়ে আটক কৰিলে দুজনক। মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতা আৰু এছ আই মকছেদ আলীৰ নেতৃত্বত এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুয়োজনক। আটকাধীন লোক দুজন সুভাৱ দাস আৰু মাধৱ নাথ বুলি জানিব পৰা গৈছে। লোক দুজনে পিষ্টলৰ ভয় ভাৱুকি দেখুৱাই বিভিন্ন অপৰাধজনিত কামত জড়িত থকা বুলি জানিবলৈ দিয়ে মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাই। বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আহি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে দুয়োজনক।

দুয়োজনে ভূমি বেচা-কিনা সম্পৰ্কীয় বিভিন্ন কামৰ লগত জড়িত থকা বুলিও জানিব পৰা গৈছে। সম্প্ৰতি ধৃত লোক দুজনক মুকালমুৱা আৰক্ষীয়ে জেৰা চলাই থকা বুলিও জানিব পৰা গৈছে।

You may also read!

Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক

Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ

Read More...

Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে

Basiruddin Ahmed  ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক

Read More...

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Mobile Sliding Menu