গুৱাহাটী, সংবাদ ৩৬৫, ৯ জুনঃ পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিশ্বাসঘাতকতা দিৱস পালন কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পূৱ মঙলদৈ ব্লক কংগ্ৰেছে শনিবাৰে এক বিশাল চাইকেল ৰেলী উলিয়াই বিজেপি চৰকাৰ বিৰুদ্ধে বিশ্বাসঘাতকতা দিৱস পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পৰা দেশত অপশাসন বৃদ্ধি পোৱাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰো মূল্য আকাশলংঘী হোৱা বুলি অভিযোগ উত্থাপিত কৰে প্ৰতিবাদকাৰী সকলে। পেট্ৰ’ল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য দিনক দিনে বৃদ্ধি পাবলৈ ধৰাত দেশৰ খাটিখোৱা জনসাধাৰণ বিপাঙত পৰিছে বুলিও অভিযোগ কৰে প্ৰতিবাদী সকলে। প্ৰতিবাদী চাইকেল ৰেলীত প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, দৰং কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান, কোষাধক্ষ্য হবিবুৰ ৰহমান, পূৱ মঙলদৈ ব্লক কংগ্ৰেছৰ সভাপতি ইব্ৰাহিম আলী, উপসভাপতি কামাল উদ্দিন আহমেদৰ লগতে প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ মূর্দাবাদ, পৰিবৰ্তনৰ নামত অসম বিক্ৰী কৰা নচলিব বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ধুবুৰী জিলাত জিলাখনৰ প্ৰতিটো ব্লক কংগ্ৰেছৰ উদ্যোগত বিশ্বাসঘাতকতা দিৱস পালন কৰি ধুবুৰী গ্ৰামীণ ব্লক কংগ্ৰেছৰ ফালৰ পৰা ধুবুৰীৰ চান্দাখোলাৰ পৰা গৰু গাড়ীত মটৰ চাইকেল উঠাই এক প্ৰতিবাদী সমদল উলিওৱা হয়। প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ডলৈ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।