গুৱাহাটী, সংবাদ ৩৬৫, ২ মে’ : মৃত্যু হ’ল ৰাণীৰ ছাটাৰ গাঁৱত উদ্ধাৰ হোৱা আঘাতপ্ৰাপ্ত দঁতাল হাতীটো । মঙ্গলবাৰে নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অাহিছিল এই দঁতাল হাতীটো । কিন্তু জাকৰ পৰা বিচৰিত হৈ হাতীটো হৈ পৰিছিল অকলশৰীয়া । তাৰপিছতে ছাটাৰ গাঁৱৰ এটি পিতনিত পৰি ৰৈছিল হাতীটো । পিতনিত পৰি থকা অৱস্থাত স্থানীয়লোকে প্ৰত্যক্ষ কৰি বনবিভাগক খৱৰ দিয়াত স্থানীয় লোকৰ সহযোগত বনবিভাগে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে হাতীটো ।

উদ্ধাৰ কৰি আঘাতপ্ৰাপ্ত হাতীটোক ওৰে নিশা চিকিৎসকে চিকিৎসা প্ৰদান কৰিছিল যদিও ভিতৰি অতি গুৰুত্বৰভাৱে আঘাটপ্ৰাপ্ত হৈছিল দতাল হাতীটো যাৰ বাবে আজি কৰুণ মৃত্যুক আকোৱালি ল’লে হাতীটোৱে । বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অাহি হাতীটোৱে কৰুন মৃত্যুক সাৱতি লোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । সেয়ে হাতীটোক শেষবাৰৰ বাৰৰ চাবলৈ আহি শ্ৰদ্ধা নিবেদিলে ৰাইজৰ লগতে বনবিভাগে ।

হাতীটোৰ মৃত্যুৰ বিশেষ কাৰণ জানিব পৰা হোৱা নাই যদিও মৰোণোত্তৰ পৰীক্ষাত হৃদপিণ্ডত কিছু পেলু জনীত কাৰণত হাতীটোৱে মৃত্যুক আকোৱালি লয় বুলি জনায় পশু চিকিৎসক ড° নাৰায়ণ দেউৰিয়ে ।

মৰণোত্তৰ পৰীক্ষাৰ পিছতে হাতীটোক সমাধিস্ত কৰে বনবিভাগে । বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলৈ এনেদৰে ওলাই আহি কৰুন মৃত্যুক সাৱতা ঘটনাই সকলোকে শোক স্তব্ধ কৰি থৈ গ’ল ।