ছাহিদুল আলম

ডবকা

২৯ অক্টোবৰ

২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাৰ প্ৰথম স্থানপ্ৰাপ্ত অবিনাশ কলিতাৰ উচ্চ শিক্ষাৰ দায়িত্ব ললে আজমল পৰিয়ালে৷ অবিনাশ কলিতাক আজমল ফাউণ্ডেচনৰ যোগেদি ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য। কৃতি শিক্ষাৰ্থীগৰাকীৰ উচ্চশিক্ষাৰ বাবে প্ৰতিমাহে ৫ হাজাৰ টকাৰ জলপানি ঘোষণা আজমলৰ৷

আৰ্থিকভাবে পিছপৰা মেধাসম্পন্ন শিক্ষাৰ্থী সকলৰ উচ্চশিক্ষাৰ বাবে স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনে অহৰহভাৱে চেষ্টা অব্যাহত ৰাখিছে৷ আৰ্থিক অভাৱত যাতে কোনো মেধাসম্পন্ন শিক্ষাৰ্থীৰ উচ্চ শিক্ষা গ্ৰহণত বাধাৰ সৃষ্টি নহয় তাৰ বাবে বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ লগতে শিক্ষাৰ্থীসকলক জলপানি প্ৰদান কৰি আহিছে৷ আৰ্থিক অভাৱৰ বাবে উচ্চশিক্ষা লাভত বাধাপ্ৰাপ্ত হোৱা ২০২০ বৰ্ষত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত প্ৰথম স্থানপ্ৰাপ্ত বজালীৰ পাঠশালাৰ অবিনাশ কলিতাৰ উচ্চশিক্ষাৰ দায়িত্ব গ্ৰহণ কৰিলে আজমল ভাতৃদ্বয়ে৷ হোজাইত অবিনাশ কলিতাৰ উচ্চ শিক্ষাৰ বাবে আজমল ফাউণ্ডেচনে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে অবিনাশ কলিতাক প্ৰতিমাহে ৫ হাজাৰ টকাৰ জলপানি প্ৰদান কৰাৰ কথা ঘোষণা কৰে বদৰুদ্দিন আজমলে৷ অবিনাশ কলিতাৰ উচ্চ শিক্ষাৰ যাবতীয় দায়িত্বও গ্ৰহণ কৰিছে বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলে৷

উল্লেখ্য যে অবিনাশ কলিতাৰ পিতৃ নিৰ্মল কলিতা ভেন্সাৰ বিদ্যালয়ৰ এগৰাকী শিক্ষক৷ বিনা বেতনে দীৰ্ঘসময় ধৰি শিক্ষকতা কৰি অহা নিৰ্মল কলিতাই আৰ্থিক অভাৱত পুত্ৰৰ উচ্চশিক্ষাৰ বাবে চিন্তিত হৈ আছিল৷ অৰ্থৰ অভাৱত যাতে মেধাবী ছাত্ৰ গৰাকী উচ্চ শিক্ষাৰ লাভৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় ইয়াৰ বাবেই বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলে অবিনাশ কলিতাৰ উচ্চশিক্ষাৰ বাবে আগবাঢ়ি আহে আৰু মেধাবী ছাত্ৰ গৰাকীৰ উচ্চ শিক্ষাৰ সমস্ত দায়িত্ব গ্ৰহণ কৰে৷ আজমল পৰিয়ালৰ এই মহানতাৰ বাবে পৰিয়ালটোক ধন্যবাদ জ্ঞাপন কৰিছে অবিনাশ কলিতাৰ পৰিয়ালৰ লোকে৷