মৰিগাঁও

৪ অক্টোবৰ

মৰিগাঁও আৰক্ষীৰ জিন্মাৰ পৰা পলায়ন দুৰ্ধৰ্ষ অপৰাধীৰ। হত্যাৰ গোচৰত অভিযুক্ত পলাল মৰিগাঁও আৰক্ষীৰ চকুত ধূলি দি। চিকিৎসাৰ বাবে আৰক্ষীয়ে অপৰাধী জনক আনিছিল চিকিৎসালয়ত।

মৰিগাঁও আৰক্ষীৰ দুৰ্বলতা পুনৰ প্ৰমাণ কৰিলে এজন দুৰ্ধৰ্ষ অপৰাধীয়ে। মৰিগাঁও আৰক্ষীৰ চৰম দুৰ্বলতাক প্ৰতিফলন ঘটাই আৰক্ষীৰ জিন্মাৰ পৰাই পলায়ন কৰিলে হত্যাৰ গোচৰত অভিয়ুক্ত হৈ জেলত থকা ৰছিদুল ইছলাম ওৰফে গংগো নামৰ এজন দুৰ্ধৰ্ষ অপৰাধী৷ হত্যাৰ অভিযুক্ত কয়দী ৰছিদুল ইছলাম ওৰফেন গংগোক মৰিগাঁও আৰক্ষীয়ে চিকিৎসাৰ বাবে মৰিগাঁও জিলা কাৰাগাৰৰ পৰা মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আনিছিল। আৰক্ষীৰ চৰম দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি কয়দী ৰছিদুল ইছলাম ওৰফেন গংগো শনিবাৰে নিশা ভাগত চিকিৎসালয়ৰ পৰা পলায়ন কৰে।

ৰছিদুল ইছলাম ওৰফেন গংগো মহানগৰী গুৱাহাটীৰ ভাস্কৰজ্যোতি নেওগ নামৰ এজন যুৱকৰে হত্যাৰ গোচৰৰ মূল অভিযুক্ত হিচাপে মৰিগাঁও কাৰাগাৰত বান্ধি হৈ আছিল। আৰক্ষীৰ কবলৰ পৰা এজন অপৰাধী পলায়ন কৰাকলৈ মৰিগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।