যতীন নাথ

মাজবাট

৬ অক্টোবৰ

মাজবাটত বৃদ্ধি পাইছে আন্তৰ্জাতিক নাৰী সৰবৰাহকাৰী চক্ৰৰ দপদপনী। মাজবাটৰ বেটেলী চাহ বাগিচাৰ এগৰাকী যুৱতীক পলুৱাই নিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল উত্তৰ প্ৰদেশৰ তিনি যুৱক।

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে আন্তৰ্জাতিক নাৰী সৰবৰাহকাৰী চক্ৰৰ তিনি সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ফেচবুকৰ চিনাকি সূত্ৰে মাজবাটৰ পৰা এগৰাকী যুৱতীক পলুৱাই নিবলৈ অহা উত্তৰ প্ৰদেশৰ তিনি যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে উত্তৰ প্ৰদেশৰ বুলন্দসহাৰ জিলাৰ বি বি নগৰ নিবাসী ৰামকৃষ্ণ সিঙৰ পুত্ৰ জীতেন্দ্ৰ সিঙ ওদালগুৰি জিলাৰ মাজবাট থানা এলেকাৰ বেটেলী চাহ বাগিচাৰ এগৰাকী যুৱতীৰ লগত দুমাহ পূৰ্বে ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল। জীতেন্দ্ৰ সিঙে ফেচবুকৰ মাধ্যমেৰে যুৱতী গৰাকীৰ ম’বাইল নম্বৰ লৈ নানান চলাহি কথা কৈ বিয়াৰ প্ৰস্তাৱ দিয়ে। যুৱতী গৰাকীও ঘৰৰ অজ্ঞাতে জীতেন্দ্ৰ সিঙৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰাত মঙলবাৰে জীতেন্দ্ৰ সিঙ লগৰ দুজন যুৱক ক্ৰমে উত্তৰ প্ৰদেশৰ মিৰাত জিলাৰ পুৰুৱা দীনদয়াল ৰে’লৱে ৰোড থানা এলেকাৰ নিবাসী পালেৰাম সিঙৰ পুত্ৰ হৰিওঁম সিঙ আৰু উত্তৰ প্ৰদেশৰ মিৰাত জিলাৰ ব্ৰৰমপুৰী থানা এলেকাৰ শিৱ শংকৰপুৰী ওৱাৰ্ড নং -৩৫ নিবাসী ৰামকৃষ্ণ কুমাৰৰ পুত্ৰ ৰবি কুমাৰক লগত লৈ যুৱতী গৰাকীক পলুৱাই নিবলৈ উত্তৰ প্ৰদেশৰ পৰা ৰেলেৰে গুৱাহাটী আহে। গুৱাহাটীৰ পৰা যুৱক তিনিজনে সৰু গাড়ী এখনেৰে মাজবাটত উপস্থিত হয়।

যুৱক তিনিজনক লৈ যুৱতী গৰাকীৰ ভাতৃৰ সন্দেহ হোৱাত যুৱতী গৰাকীৰ ভাতৃয়ে মাজবাট আৰক্ষীক খবৰ দিয়ে। মাজবাট আৰক্ষীয়ে খবৰ পোৱাৰ পিছত ততালিকে যুৱতী গৰাকীৰ ঘৰত উপস্থিত হৈ উত্তৰ প্ৰদেশৰ পৰা অহা তিনিওজন যুৱকক আটক কৰি মাজবাট থানালৈ লৈ আহে আৰু পিছত মাজবাট আৰক্ষীয়ে তিনিওজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ওদালগুৰি আদালতত হাজিৰ কৰে। আদালতে তিনিওজন যুৱকক জেল হাজোতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। উত্তৰ প্ৰদেশৰ যুৱক তিনিজন আন্তৰ্জাতিক নাৰী সৰবৰাহকাৰী বুলি সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজে।