ছাহিদুল আলম

ডবকা

২৪ অক্টোবৰ

হোজাইত যোগান বিভাগৰ চৰকাৰী চাউলক লৈ চলিছে ভয়ংকৰ দূৰ্নীতি৷ যোগান বিভাগৰ চাউল চুৰি কৰি নি থকা অৱস্থাত ধৰা পৰিল যোগান বিভাগৰ এজেণ্ট। ই-ৰিক্সাৰে ১২ বস্তা চাউল বিক্ৰীৰ বাবে নি থকা অৱস্থাত পথৰ ওপৰতে ই-ৰিক্সা বেয়া হোৱাত পোহৰলৈ আহিল প্ৰকৃত তথ্য।

এইবাৰ যোগান বিভাগৰ এজেণ্ট নামিল দৰিদ্ৰৰ চাউল চুৰিকাণ্ডত৷ হোজাই জিলাৰ ডবকাৰ যোগান বিভাগৰ এগৰাকী এজেণ্টে সুলভ মূল্যৰ চাউল চোৰ কৰি বিক্ৰীৰ বাবে বজাৰলৈ নি থকা অৱস্থাত হাতেলোটে ধৰা পৰে ৰাইজৰ হাতত৷ উল্লেখ্য যে হোজাই জিলাৰ ডবকাৰ নাহৰগাঁও ৭ নং ৱাৰ্ডৰ যোগান বিভাগৰ এজেণ্ট মাতাবুৰ ৰহমান ওৰফে মাতোয়ে ই-ৰিক্সাৰে যোগান বিভাগৰ ১২ বস্তা চৰকাৰী চাউল বজাৰলৈ নি থাকোতে পথৰ ওপৰতে ই-ৰিক্সাখন বিকল হৈ পৰে। নিশাৰ ভাগত পথৰ ওপৰত চাউলৰ বস্তা ভৰ্তি ই-ৰিক্সা প্ৰত্যক্ষ কৰি ৰাইজে ই-ৰিক্সা চালক জনক সোধপোচ কৰোতে পোহৰলৈ আহে চাঞ্চল্যকৰে তথ্য৷ ই-ৰিক্সা চালক জনে ৰাইজক জানিবলৈ দিয়ে যে যোগান বিভাগৰ চাউলখিনি তেওঁ এজেন্টৰ ঘৰৰ পৰা আনি বিক্ৰীৰ বাবে লৈ গৈ আছে। পূৰ্বেও কেইবাবাৰো ই-ৰিক্সা চালক জনে যোগান বিভাগৰ এজেন্ট মাতাবুৰ ৰহমানৰ ঘৰৰ পৰা চৰকাৰী সুলভ মূল্যৰ চাউল আনি বজাৰত বিক্রী কৰিছে বুলিও জানিবলৈ দিয়ে৷ শুকুৰবাৰে নিশা পথৰ ওপৰত ই-ৰিক্সাখন বেয়া হোৱাতহে প্ৰকৃত তথ্য পোহৰলৈ আহে আৰু যোগান বিভাগৰ এজেণ্ট মাতাবুৰ ৰহমানৰ কুকৰ্ম ধৰা পৰে৷

উল্লেখ্য চাউলখিনি দৰিদ্ৰ গ্ৰাহকৰ মাজত দুটকা দৰত বিক্ৰী কৰিবলৈ হোজাই যোগান বিভাগে যোগান ধৰিছিল যদিও দৰিদ্ৰ ৰাইজৰ পৰিবৰ্তে যোগান বিভাগৰ দূৰ্নীতিগ্ৰস্থ এজেণ্ট মাতাবুৰ ৰহমানে কলা বজাৰত চাউলখিনি বিক্ৰী কৰাৰ চেষ্টা চলাই ধৰা পৰে৷ এতিয়া প্ৰশ্ন হ’ল হোজাইৰ যোগান বিভাগৰ সহকাৰী সঞ্চালক অতুল তালুকদাৰ আৰু বিভাগীয় দ্বায়িত্বৰত থকা অতিৰিক্ত উপায়ুক্ত গৌৰিশংকৰ দাসে কি ব্যৱস্থা ল’ব এজেণ্ট মাতাবুৰ ৰহমানৰ বিৰুদ্ধে?