লংকা, সংবাদ ৩৬৫, ২৪ জুলাইঃ হোজাই জিলাৰ লংকাৰ দক্ষিণ কান্দুৰাত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। কৃপাময় নাথ নামৰ এজন ব্যক্তিয়ে কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰে পত্নী তৃপ্তি নাথক। জানিৱ পৰা মতে, কৃপাময় নাথ নামৰ লোকজনৰ লগত ২০১১ চনত বিবাহ পাশত আবদ্ধ হৈছিল গুৱাহাটীৰ তৃপ্তি নাথ, প্ৰথম অৱস্থাত সকলো ঠিকে আছিল যদিও এটি পুত্ৰ সন্তান জন্ম হোৱাৰ পিছত স্বামী-পত্নীৰ মাজত সঘনাই কাজিয়াৰ সুত্ৰপাত হ’বলৈ ধৰে আৰু অৱশেষত এই কাজিয়া হত্যাৰ ৰূপ লয়। সোমবাৰে নিশা হত্যাৰ পিছত কৃপাময় নাথে পত্নীৰ তৃপ্তি নাথৰ মৃতদেহ ঘৰৰ কাষৰ পুখুৰীৰ পাৰত পেলাই আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে যদিও পুৱাৰ ভাগত আত্মীয়ই পুখুৰীৰ পাৰত তৃপ্তি নাথৰ মৃতদেহ প্ৰতক্ষ্য কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কৃপাময় নাথক আটক কৰি জেৰ কৰাত কৃপাময় নাথে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে। বৰ্তমান লংকা আৰক্ষীয়ে হত্যাকাৰী স্বামী কৃপাময় নাথক গ্ৰেপ্তাৰ কৰিছে।