হোজাই, সংবাদ ৩৬৫, ৪ জুনঃ হোজাই জিলাৰ লংকাস্থিত কম্পিউটাৰ শিক্ষাৰ প্ৰতিষ্ঠান “এক্সপাৰ্ট”ত দেওবাৰে এখন সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। বৃহত্তৰ লংকা তথা লংকাৰ দাঁতি কাষৰীয়া অঞ্চলৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলৰ মাজৰ সৰ্বোচ্চ নম্বৰ পোৱা ত্ৰিশ গৰাকী শিক্ষাৰ্থীক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লংকাৰ কৃষ্ণ বৰা বি এড কলেজত অধ্যক্ষ মোস্তাফিজুৰ ৰহমান, চিকিৎসক শিৱ প্ৰসাদ হাজৰিকা, জেষ্ঠ সাংবাদিক তুষেস্বৰ তামুলী ফুকনকে আদি কৰি এক্সপাৰ্ট কম্পিউটাৰৰ শিক্ষাৰ্থী তথা সম্বৰ্ধনা প্ৰাপ্ত শিক্ষাৰ্থীৰ অভিভাৱকৰ লগতে লংকাৰ ভালে সংখ্যক ৰাইজ। অনুষ্ঠানত উপস্থিত অতিথি সকলে ভাষণ প্ৰদান কৰি সাম্প্ৰতিক সময়ত শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰ শিক্ষাৰ প্ৰয়োজনীয়তা, কম্পিউটাৰ শিক্ষাই আমাৰ সমাজলৈ আনি দিয়া নৱ জাগৰণৰ বিষয়ে আলোচনা কৰাৰ লগতে সম্বৰ্ধনা প্ৰাপ্ত ছাত্ৰ ছাত্ৰীক বিভিন্ন উৎসাহপূৰ্ণ ভাষণেৰে অনুপ্ৰেৰণা যোগায়।